NORTHEAST NOW (Assamese)
অসম

দীৰ্ঘদিনৰ পাছত আৰম্ভ হোৱা হায়দৰাবাদ মেট্ৰ’ সেৱাত প্ৰথম দিনটোত যাত্ৰা কৰিলে ১৯০০০ গৰাকী যাত্ৰীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 9, 2020 11:10 am
দীৰ্ঘদিনৰ পাছত আৰম্ভ হোৱা হায়দৰাবাদ মেট্ৰ’ সেৱাত প্ৰথম দিনটোত যাত্ৰা কৰিলে ১৯০০০ গৰাকী যাত্ৰীয়ে

ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনৰ বাবে বন্ধ হৈ থকা হায়দৰাবাদ মেট্ৰ’ সেৱা পুনৰ আৰম্ভ হোৱাৰ দিনটোতে মুঠ ১৯০০০ গৰাকী যাত্ৰীয়ে মেট্ৰ’ সেৱাৰ জৰিয়তে যাত্ৰা কৰে।

সোমবাৰৰ দিনটোত হায়দৰাবাদ মেট্ৰ’ৰ মুঠ ১২০ খন ৰে’ল ৰাতিপুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু সন্ধিয়া ৪ বজাৰ পৰা নিশা ৯ বজালৈ কৰিডৰ-১ ৰে চলাচল কৰে।

সাধাৰণ সময়ত কৰিডৰ-১ ৰে মুঠ ৮০০ বাৰ ৰে’ল অহা-যোৱা কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ ভয়াবহ সংক্ৰমণৰ বাবে দীৰ্ঘসময় ধৰি ভাৰতত ৰে’ল সেৱাৰ লগতে মেট্ৰ’ সেৱা বন্ধ হৈ আছিল।

হায়দৰাবাদৰ লগতে ৰাজধানী দিল্লীতো নীলা আৰু গুলপীয়া মেট্ৰ’ সেৱা পুনৰ আৰম্ভ হৈছে।

দিল্লী চৰকাৰৰ তৰফৰ পৰা ধীৰ-স্থিৰ আৰু সতৰ্কতাৰে দিল্লীত পুনৰ মেট্ৰ’ ৰে’ল সেৱা আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰা হয়।