NORTHEAST NOW (Assamese)

প্ৰিয়ংকা কাণ্ড : ধৰ্ষণৰ সময়ত চিকিৎসকগৰাকীৰ মুখত সোপা দিছিল আৰিফে

November 30, 2019 12:32 pm · এন ই নাও নিউজ

দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা তেলেংগানাৰ ৰাজধানী হাইদৰাবাদৰ চিকিৎসক যুৱতীৰ সৈতে সংঘটিত হোৱা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাটোৰ কিছু নতুন তথ্য পোহৰলৈ আহিছে।

আৰক্ষীৰ অনুসন্ধানত জানিব পৰা গৈছে যে জঘন্য ঘটনাটো সংঘটিত হোৱাৰ সময়ত যুৱতী গৰাকীয়ে যাতে সহায়ৰ বাবে চিঞৰিব নোৱাৰে তাৰ বাবে মহম্মদ আৰিফ নামৰ অপৰাধীজনে চিকিৎসকগৰাকীৰ মুখত জোৰকৈ সোপা দি ধৰিছিল।

চিকিৎসক যুৱতী গৰাকীক বহু সময় ধৰি মুখত সোপা দি ৰখাৰ বাবেই মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ইয়াৰ উপৰি  হাইদৰাবাদ-বেগালুৰু ৰাষ্ট্ৰীয় ঘাইপথস্থিত টোল প্লাজাত পাৰ্ক কৰি ৰখা চিকিৎসক গৰাকীৰ দুচকীয়া বাহনখনৰ চকাটোও এই দুৰ্বৃত্ত কেইজনেই ফুটাইছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

এই ধৰ্ষণ তথা হত্যাৰ ঘটনাটোৰ সৈতে জড়িত থকা চাৰিজন অপৰাধীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। অপৰাধী কেইজনক ক্ৰমে মহম্মদ আৰিফ, নবীন, চিন্তাকুন্তা কেশাবুলু আৰু শিবা বুলি চিনাক্ত কৰিছে।

উল্লেখ্য যে যোৱা বুধবাৰে নিশা হাইদৰাবাদ চহৰৰ সমীপত ২৬ বছৰীয়া পশু-চিকিৎসক প্ৰয়িংকা ৰেড্ডীক এই কেইজন দুৰ্বৃত্তই প্ৰথমে ধৰ্ষণ আৰু তাৰ পাছত গাত জুই লগাই অতি নিৰ্মমভাৱে হত্যা কৰিছিল।

পিছত চিকিৎসকগৰাকীৰ জ্বলি যোৱা মৃতদেহ বৃহস্পতিবাৰে পুৱা এটা কালভাৰ্টৰ তলত উদ্ধাৰ হয়।

Related News