NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত উপস্থিত ভাৰতে প্ৰেৰণ কৰা হাইড্ৰ’ক্সিক্লৰ’কুইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2020 3:09 pm
Hydroxychloroquine consignment reaches the US from India

ভাৰতৰ পৰা আমেৰিকালৈ প্ৰেৰণ কৰা হাইড্ৰ’ক্সিক্লৰ’কুইনৰ প্ৰথম কিস্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিমান বন্দৰত শনিবাৰে উপস্থিত হয়।

‘‘ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে আমাৰ বন্ধুৰাষ্ট্ৰ আমেৰিকালৈ প্ৰেৰণ কৰা হাইড্ৰ’ক্সিক্লৰ’কুইনৰ প্রথম কিস্তি আজি আমেৰিকাৰ নিউয়ৰ্ক বিমানবন্দৰ আহি পায়,’’ আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূত টৰণজ্যিৎ সিং সান্ধুয়ে টুইটাৰত এইদৰে লিখে।

চলিত সপ্তাহৰ প্ৰথম ভাগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতে হাইড্ৰ’ক্সিক্লৰ’কুইনৰ ৰপ্তানি নকৰিলে প্ৰত্যাহ্বানৰ সন্মুখিন হ’বলগীয়া হ’ব বুলি কোৱাৰ পাছত ভাৰতে আমেৰিকা, ব্ৰাজিলৰ লগতে অন্য ২৫ খন দেশলৈ হাইড্ৰ’ক্সিক্লৰ’কুইন প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

আনহাতে, ভাৰতে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে বিভিন্ন দেশসমূহলৈ হাইড্ৰ’ক্সিক্লৰ’কুইন প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে ট্ৰাম্পৰ লগতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ভাৰতক উচ্চ প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, ভাৰতে আমেৰিকাৰ লগতে ব্ৰাজিল, ইজৰাইল, মালদ্বীপ, ভূটান, নেপাল, শ্ৰীলংকা, আফগানিস্তান আদিকে ধৰি মুঠ ২৫ খন হাইড্ৰ’ক্সিক্লৰ’কুইন প্ৰেৰণ কৰিব।