NORTHEAST NOW (Assamese)
Popular Stories

‘ইন্দিৰা গান্ধীৰ নাতিনী মই’ : বিজেপিৰ বিৰুদ্ধে খৰ্গহস্ত প্ৰিয়ংকা গান্ধী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2020 8:02 pm
PriyankaGandhiVadraCongress

দেশৰ জৰুৰী অৱস্থাৰ বাবে বৃহস্পতিবাৰে দিনটো বিজেপিয়ে কংগ্ৰেছৰ লগতে গান্ধী পৰিয়ালক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়তে আজি বিজেপিক প্ৰত্যাক্ৰমণ কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা গৰাকীয়ে আজি বিজেপিক লক্ষ্য কৰি কয়ে যে, তেওঁ ইন্দিৰা গান্ধীৰ নাতিনী হয়, তেওঁক হুমকি দি লাভ নাই। সকলোৰে আগত সত্যটো তুলি ধৰিবই তেওঁ।

উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰে তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক আক্ৰোশমূলক আচৰণ কৰাৰ অভিযোগ আনিছে প্ৰিয়ংকা গান্ধীয়ে।

যোগী আদিত্যনাথৰ চৰকাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে বিভ্ৰান্তিকৰ তথ্য বিয়পোৱাৰ অভিযোগ তুলি চাইল্ড ৰাইটছ পেনেলেৰ যোগে জাননী জাৰি কৰিছে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ কাণপুৰৰ এটা চৰকাৰী আৱাসৰ পৰা কেবাগৰাকীও গৰ্ভৱতী কিশোৰীক উদ্ধাৰ কৰা হৈছে বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে যোগী আদিত্যনাথ চৰকাৰক সমালোচনা কৰি আহিছে।

চাইল্ড ৰাইটছ পেনেলেএ জাননী জাৰী কৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে প্ৰিয়ংকা গান্ধী।

প্ৰিয়ংকা গান্ধীয়ে নিজৰ টুইটাৰ একাউন্টত ইয়াৰ বিৰুদ্ধে কয়, “আমি জনগণৰ সেৱিকা হিচাপে উত্তৰ প্ৰদেশৰ মানুহৰ ওচৰত দায়ৱদ্ধ। প্ৰকৃত সত্যটো মানুহৰ ওচৰলৈ লৈ যোৱাটো আমাৰ কৰ্তব্য। আমি চৰকাৰী তত্ত্ব প্ৰচাৰ কৰা নাই।”

উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক ভাবুকি দি আছে বুলি কৈ প্ৰিয়ংকা গান্ধীয়ে কয়, “উত্তৰ প্ৰদেশ চৰকাৰৰ বিভিন্ন দপ্তৰে আমাক ভাবুকি দি মিছাতে সময় নষ্ট কৰি আছে। তেওঁলোকে যি পাৰে সেয়া কৰক। আমি সত্যটো উলিয়ামেই। মই ইন্দিৰা গান্ধীৰ নাতিনী হয়। বিৰোধী পক্ষৰ কিছু নেতাৰ দৰে বিজেপিৰ অঘোষিত মুখপাত্ৰ নহয়।”