NORTHEAST NOW (Assamese)
অসম

মই মুখ্যমন্ত্ৰী পদৰ আকাংক্ষী নহওঁ, নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোনে স্পষ্ট কৰিলে এই স্থিতি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2021 8:49 pm
Assam-Assembly

অসমত এতিয়া বিধানসভা নিৰ্বাচনৰ বতাহ বাৰুকৈয়ে বলিছে।

এনে সময়তে বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব তাকেলৈয়ে বিভিন্ন মহলত চৰ্চা হৈছে।

ইয়াৰ মাজতে কংগ্ৰেছ মহাজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীকলৈয়ো কম-বেছি পৰিমাণে আলোচনা হোৱা দেখা গৈছে।

এনে সময়তে কংগ্ৰেছৰ নেতা তথা সাংসদ গৌৰৱ গগৈৰ নামো বহুতে উচ্চাৰণ কৰি আহিছে।

কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰসংগটোত শেহতীয়াকৈ নিজৰ স্থিতি স্পষ্ট কৰিছে গৌৰৱ গগৈয়ে।

কংগ্ৰেছৰ নেতা তথা অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ আসনত বহা তৰণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে এই বুলি স্পষ্ট কৰি দিছে যে অসমৰ মুখ্যমন্ত্ৰীৰ আসন খনৰ বাবে তেওঁ কেতিয়াও লালায়িত নহয়।

সাংবাদিকৰ আগত গৌৰৱ গগৈয়ে কয় যে তেওঁ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজনীতি কৰা নাই। তেওঁৰ লক্ষ্য মাত্ৰ অসমত কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ গঠন কৰা।

তেওঁ লগতে কয় যে পিতৃৰ ইচ্ছা পূৰণ কৰি তেওঁ তিতাবৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাও নকৰে।

লোকসভাত কংগ্ৰেছৰ উপ-দলপতি হিচাবে সেৱা কৰাৰ সুযোগ লাভ কৰাৰ বাবে  সৌভাগ্যশালী বুলি অনুভৱ কৰিছে বুলিও গৌৰৱ গগৈয়ে মন্তব্য কৰে।

তাৎপৰ্যপূৰ্ণ ভাবে গৌৰৱ গগৈয়ে কয় তেওঁৰ পিতৃ তৰুণ গগৈয়ে তিতাবৰ সমষ্টিটো ২০ বছৰ ধৰি প্ৰতিনিধিত্ব কৰিছিল।

পিতৃয়ে ইচ্ছা কৰিছিল যে ভৱিষ্যতে সমষ্টিটোত তেওঁৰ পৰিয়ালৰ লোকৰ বাহিৰৰ লোকক সেৱা কৰাৰ সুযোগ দিব  লাগিব।