NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

“মই আৰু কাম নকৰোঁ” : অভিনয় জগতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে কেট ব্লেনচেটে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2025 8:40 pm
“মই আৰু কাম নকৰোঁ” : অভিনয় জগতৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে কেট ব্লেনচেটে

অভিনয় জগতত  দীৰ্ঘসময় ধৰি দপদপাই থাকি কেৰিয়াৰৰ শীৰ্ষ পৰ্যায়ত উপনীয় হৈ অভিনয় ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে অস্কাৰ বিজয়ী অভিনেত্ৰী কেট ব্লেনচেটে । তেওঁ এতিয়া অভিনয় এৰি অন্য কামত মনোনিৱেশ কৰিব বিচাৰিছে।

শেহতীয়াকৈ ৰেডিঅ টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ব্লেনচেটে কয় যে মই নিজকে “অভিনেত্ৰী বুলি পৰিচয় দিয়াৰ ক্ষেত্ৰত নিশ্চিত নহয় আৰু সেইবাবেই মই অভিনয় এৰিছো।

তেওঁ লগতে কয়, “মোৰ পৰিয়ালে প্ৰতিবাৰেই এই কথা কোৱাৰ সময়ত দুখ প্ৰকাশ কৰে। অভিনয় এৰি মোৰ জীৱনত বহুত কাম কৰিবলৈ মন যায়।”

উল্লেখ্য যে অভিনয়ৰ বাবে ব্লেনচেটে বহু বঁটা লাভ কৰিছে। ইয়াৰ ভিতৰত আছে দুটাকৈ অস্কাৰ। ২০১৪ চনত ‘ব্লু জেচমিন ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু ২০০৫ চনত ‘দ্য এভিয়েটৰ ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ অস্কাৰ লাভ কৰে তেওঁ।

ভেনিচ চলচ্চিত্ৰ মহোৎসৱত দুবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাও লাভ কৰিছে ব্লেনচেটে।

শেহতীয়াকৈ ২০২৫ চনত মুক্তি পাবলগীয়া জিম জাৰ্মুচৰ পৰিচালিত ‘ফাদাৰ, মাদাৰ, চিষ্টাৰ, ব্ৰাদাৰ নামৰ নতুন ছবিখনৰ কাম সম্পূৰ্ণ কৰিছে।

ব্লেনচেটে এক সাক্ষাৎকাৰত কয় যে তাৰকা হিচাপে নিজৰ স্থানত অস্বস্তি অনুভৱ কৰিছে।তেওঁ লগতে কয়, “মই নিজকে অতি বিৰক্তিকৰ বুলি বিবেচনা কৰোঁ। মই আন মানুহক বহুত বেছি আকৰ্ষণীয় বুলি বিবেচনা কৰোঁ। মই নিজকে অতি সাধাৰণ আৰু বিৰক্তিকৰ বুলি বিবেচনা কৰোঁ।”