NORTHEAST NOW (Assamese)
দেশ

‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 24, 2023 6:45 pm
‘বিজেপিক পৰাস্ত কৰাৰ সূত্ৰ কৰ্ণাটকৰ পৰা শিকিছো’, আত্মবিশ্বাসী ৰাহুলৰ মন্তব্য

কেৱল তেলেংগানাতহে কিছু সন্দেহ আছে। কিন্তু, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয়ৰ বাবে ৰাহুল গান্ধী অত্যন্ত আত্মবিশ্বাসী। 

দেওবাৰে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত ৰাহুল গান্ধীয়ে দাবী কৰিছে এই কথা। কৰ্ণাটকৰ নিৰ্বাচনৰ পৰা কংগ্ৰেছ দলে বিজয়ী সূত্ৰ পাইছে বুলি দাবী কৰিছে সাংসদগৰাকীয়ে। 

বিজেপিক কেনেকৈ পৰাস্ত কৰিব পাৰি সেয়া কৰ্ণাটকৰ পৰা শিকি সেই শিক্ষা ব্যৱহাৰ কৰি আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে জয়ী হ’বলৈ গৈ আছে বুলি দাবী কৰিছে ৰাহুল গান্ধীয়ে।

ৰাহুলে কয়, মই এতিয়াই ক’ব পাৰো, আমি মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থান জয় কৰিম। আমি জয়ৰ অতি ওচৰ চাপিছো। মই ভাবো আমি জয়ী হ’ম।”