NORTHEAST NOW (Assamese)
দেশ

সহায়ৰ বাবে বহুত চিঞৰিলোঁ, কোনো আগবাঢ়ি নাহিল : বেংগালুৰুৰ ৰাজপথত যুৱতীৰ শালীনতা হানিৰ চেষ্টা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2025 8:17 am

তেতিয়া নিশা প্ৰায় ১২ বাজিছিল । স্থান বেংগালুৰুৰ আই টি পাৰ্কৰ ৰাজপথ। এগৰাকী যুৱতীৰ শালিনতা হানিৰ চেষ্টা বাইক আৰোহীৰ। সহায়ৰ বাবে বাৰে বাৰে চিৎকাৰ কৰাৰ পিছতো আগবাঢ়ি নাহিল কোনো প্ৰতক্ষদৰ্শী।

ভুক্তভোগীৰ বিৱৰণ অনুসৰি বেংগালুৰুৰ ৰাজপথত নিশা তেওঁ খোজা কাঢ়ি গৈ থকাৰ অৱস্থাত এখন বাইকে তেওঁক পিছফালৰ পৰা খুন্দা মাৰে। যদিও প্ৰথমতে তেওঁ চক খাইছিল, তথাপিও তেওঁ ভাবিছিল যে এয়া কেৱল এটা দুৰ্ঘটনা। কিন্তু তাৰ পিছতে বাইকখনে আকৌ এটা খুন্দা মাৰিলে। তেতিয়াহে তেওঁ গম পালে যে অভিযুক্তই ইচ্ছাকৃতভাৱে কামটো কৰি আছে।  তাৰ পাছত বাইকখনে ইউ টাৰ্ণ লৈ তীব্ৰ বেগেৰে তেওঁৰ ফালে উভতি অহা দেখিলে।

এই তিক্ত অভিজ্ঞতাৰ কথা কওঁতে যুৱতীগৰাকীয়ে কয়, “মই চিঞৰিবলৈ ধৰিলোঁ। সেই অঞ্চলটোত সদায় মানুহৰ ভিৰ থাকে। কিন্তু কোনো আগবাঢ়ি নাহিল। মই সহায় বিচাৰিলোঁ, এজন অটো চালকক ৰখাবলৈ চেষ্টা কৰিলোঁ। কিন্তু কাৰো পৰা সঁহাৰি নাপালোঁ। এইটোৱেই আটাইতকৈ আচৰিত কথা।”

পিছত যুৱতীগৰাকীয়ে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। তেওঁ দাবী কৰে যে সহকাৰী আয়ুক্তই নিজেই বিষয়টো চাব বুলি কৈছে। কিন্তু ভিৰ কৰা ৰাস্তাটোত সন্মুখীন হোৱা বিপদৰ কথা ভাবিলেই তেওঁ এতিয়াও কঁপি উঠে।

তেওঁ কয়, “তদন্ত অব্যাহত আছে। আশা কৰিছো কিবা এটা ভাল হ’ব। অভিযুক্ত ধৰা পৰিব। আজি মোৰ লগত যি হৈছিল, তেওঁক শাস্তি প্ৰদান নকৰিলে আকৌ তেনে কাম কৰিব।”