NORTHEAST NOW (Assamese)
অসম

অসম চুক্তিয়ে অসমলৈ শান্তি আনিছিল আৰু অসমবাসীয়ে এই চুক্তি মানি লৈছিল : ৰাহুল গান্ধী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 28, 2019 4:25 pm
Rahul Gandhi at Khanapara

অসমত বিজেপি চৰকাৰ আহিলে শান্তি-সম্প্ৰীতি ভংগ হ’ব বুলি নিৰ্বাচনৰ পূর্বেই সকীয়াই দিয়াৰ কথা আজি দোহাৰিলে অসমলৈ অহা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে।

খানাপাৰাস্থিত পশুচিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰায় ২০ হাজাৰ কংগ্ৰেছ কৰ্মী সমবেত হোৱা “অস্তিত্ব ৰক্ষাৰ সমাৱেশ” শীৰ্ষক এখন সভাত ভাষণ দি গান্ধীয়ে আজি ঘাইকৈ CAA-বিৰোধী আন্দোলনৰ প্ৰতি সমৰ্থন আৰু সহমৰ্মিতা আগ বঢ়ায়। তেওঁ আন্দোলনকাৰীৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ব্যৱহাৰকো সমালোচনা কৰে।

“অসমত বিজেপি চৰকাৰ আনিলে শান্তি-সম্প্ৰীতি ভংগ হ’ব বুলি নিৰ্বাচনৰ পূর্বে কৈছিলো”, গান্ধীয়ে কয়।

“অসম চুক্তিয়ে অসমলৈ শান্তি ঘূৰাই আনিছিল আৰু অসমবাসীয়ে এই চুক্তি মানি লৈছিল” বুলিও তেওঁ মন্তব্য কৰে।

বিজেপি চৰকাৰক গান্ধীৰ প্ৰশ্ন, “সকলোৱে আন্দোলন কৰিছে, গোটেই দেশতে CAA-ৰ বিৰুদ্ধে যুৱশক্তি ওলাই আহিছে। কিন্তু যুৱশক্তিক গুলীওৱা, হত্যা কৰাৰ কি প্ৰয়োজন আছে?”

ৰাজনীতি কৰাৰ পৰিৱৰ্তে অসমবাসীৰ প্ৰতিটো মুহূৰ্তত সুখ-দুখৰ সমভাগী হ’বলৈ ইয়ালৈ অহা বুলি কংগ্ৰেছৰ নেতাজনে দাবী কৰে।

তেওঁ CAA-বিৰোধী আন্দোলনত চহিদ হোৱা অসমৰ ৫জন সন্তানলৈ শ্ৰদ্ধাঞ্জলি জনাই কয়, “মোৰ দুখ লাগিছে যে এওঁলোক বিজেপিৰ হিংসাৰ বলি হ’ল”।

“অসমৰ ভাষা-সংস্কৃতিক আক্ৰমণ কৰিবলৈ কেতিয়াও দিয়া নহ’ব, অসমক আৰ এছ এছৰ দ্বাৰা, নাগপুৰৰ দ্বাৰা পৰিচালনা কৰিবলৈ দিয়া নহ’ব। অসমৰ লোকে নিজৰ মতে চলিব, নিজৰ শাসনত চলিব”, মন্তব্য গান্ধীৰ।

মোদীকো আক্ৰমণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদজনে। ৪৫ বছৰৰ পিছত দেশত নিবনুৱা বৃদ্ধিৰ হাৰ সৰ্বাধিক হৈছে বুলি দাবী কৰে গান্ধীয়ে।

“মোদীৰ কাম দেশবাসীৰ মাজত ঘৃণা, হিংসা বিলোৱা। তেওঁ কিমানক সংস্থাপন দিলে?”, মোদীক প্ৰশ্ন গান্ধীৰ। বিমুদ্ৰাকৰণ আৰু অৰ্থনৈতিক মন্দাৱস্থাক লৈয়ো মোদীক কটাক্ষ নেতাজনৰ।

খানাপাৰাৰ সভাখনৰ পিছত কংগ্ৰেছৰ নেতাজন চহিদ ছেম ষ্টেফ’ৰ্ডৰ ঘৰলৈ যায় আৰু পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।

সভাত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাও উপস্থিত থাকে।

সভাপতি বৰাই কয়, “অসমৰ ৰাইজৰ বাবে অংগীকাৰ লৈছো ’২১-ত কংগ্ৰেছৰ চৰকাৰ হ’লে CAA প্ৰযোজ্য হ’বলৈ নিদিওঁ”। তেওঁ বিজেপি শংকিত হৈয়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি মন্তব্য কৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে সংবিধানৰ ১৪ নং অনুচ্ছেদ পাঠ কৰি কয়, “ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা সকলো লোকক আইনৰ দৃষ্টিত সমান হিচাপে গণ্য কৰা হৈছে”।