NORTHEAST NOW (Assamese)
অসম

ভাৰতত প্ৰথমবাৰৰ বাবে কাকতি ফৰিং খেদাৰ বাবে ব্যৱহাৰ হ’ল বায়ু সেনা বাহিনীৰ এম আই-১৭ হেলিকপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 6, 2020 9:10 pm
ভাৰতত প্ৰথমবাৰৰ বাবে কাকতি ফৰিং খেদাৰ বাবে ব্যৱহাৰ হ’ল বায়ু সেনা বাহিনীৰ এম আই-১৭ হেলিকপ্তাৰ

ৰাজস্থানত কাকতি ফৰিং নিয়ন্ত্ৰণৰ বাবে প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ু সেনা বাহিনীৰ এম আই-১৭ হেলিকপ্তাৰ ব্যৱহাৰ কৰা হৈছে।

বায়ু সেনা বাহিনীৰ এম আই-১৭ হেলিকপ্তাৰে ৰাজস্থানৰ যোথপুৰ জিলাত দেওবাৰে কাকতি ফৰিং নিয়ন্ত্ৰণৰ বাবে স্প্ৰে কৰে।

ভাৰতীয় বায়ু সেনা বাহিনীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেধৰণে কাকতি ফৰিং নিয়ন্ত্ৰণৰ বাবে হেলিকপ্তাৰ ব্যৱহাৰ কৰা হৈছে।

এম আই-১৭ হেলিকপ্তাৰৰ সৈতে স্থানীয়ভাৱে প্ৰস্তৃত কৰি উলিওৱা স্প্ৰে-যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে।

উল্লেখযোগ্য যে, বিগত মাহত পাকিস্তানৰ পৰা অহা কাকতি ফৰিঙৰ জাকে ৰাজস্থানৰ লগতে দিল্লী, হাৰিয়ানা, উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশত প্ৰৱেশ কৰিছিল।

সেই সময়ত স্থানীয় জিলা প্ৰশাসন সমূহে লাউডস্পীকাৰৰ লগতে বিভিন্ন কৌশল অৱলম্বন কৰি কাকতি ফৰিঙৰ জাক খেদি পঠিয়াবলৈ চেষ্টা কৰিছিল।