NORTHEAST NOW (Assamese)

এ এন ৩২ ৰ ১৩ জন জোৱান চহিদ হোৱা বুলি বায়ু সেনাৰ আনুষ্ঠানিক ঘোষণা

June 13, 2019 3:54 pm · এন ই নাও নিউজ
Updated: June 13, 2019 4:10 pm
এ এন ৩২ কে ২৭৫২ বিমানখনৰ শেষবাৰৰ বাবে দৃশ্যমান ছবি।

অৰুণাচল প্ৰদেশৰ চিয়মি জিলাত দুৰ্ঘটনাগ্ৰস্ত হোৱা এ এন ৩২ত থকা ১৩জন জোৱানক বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাই চহিদ হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

বৃহস্পতিবাৰে বিয়লি বায়ু সেনাই এটা টুইট যোগে যোৱা ৩ জুনত যোৰহাটৰ ৰৰৈয়াৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ উৰা মৰা বিমানখনৰ এজনো বায়ু সেনা জোৱান জীৱিত নাই বুলি নিশ্চিত কৰে।

‘’আঠজনীয়া উদ্ধাৰকাৰী দলে আজি পুৱা দুৰ্ঘটনাস্থলীত উপস্থিত হয়। ভাৰতীয় বায়ু সেনাই দুখেৰে জনাও যে এ এন ৩২ ত থকা এজনো জোৱান দুৰ্ঘটনাটোত বাচিব নোৱাৰিলে,’’- টুইটটোত কোৱা হৈছে।

সাম্ভাৱ্য জীৱিত জোৱানৰ সন্ধানত যোৱা আঠ জনীয়া উদ্ধাৰকাৰী দলটোৱে বুধবাৰে অৰুণাচল প্ৰদেশৰ চিয়মিৰ বায়ু সেনাৰ বিমানখন দুৰ্ঘটনা হোৱা স্থানত উপস্থিত হৈছিল।

কিন্তু উদ্ধাৰকাৰী দলটোৱে পৰ্বতৰ থিয় ঢাল আৰু প্ৰতিকূল বতৰৰ বাবে বুধবাৰে দুৰ্ঘটনাস্থলীত উপস্থিত হ’ব পৰা নাছিল।

মঙলবাৰে বিয়লি বায়ু সেনাৰ এম আই ১৭ হেলিকপ্তাৰেৰে চলোৱা অভিযানত পৰ্বতৰ এটা থিয় ঢালত ৩ জুনত ১৩ গৰাকী আৰোহী সহ সন্ধানহীন হোৱা বিমানখনৰ অৱশিষ্ট প্ৰত্যক্ষ কৰিছিল।

ভাৰতীয় বায়ু সেনাই এই খৱৰ আজি জোৱান কেইগৰাকীৰ পৰিয়ালক জনাইছে।

ভাৰতীয় বায়ু সেনাবাহিনীয়ে দুৰ্ঘটনাটোৰ ফলত প্ৰাণ হেৰুৱাব লগা হোৱা যাত্ৰীসকলৰ পৰিয়ালৰ সৈতে সদায় আছে বুলি মত প্ৰকাশ কৰে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা এ এন ৩২ বিমানখনৰ যাত্ৰীসকল হ’ল ক্ৰমে-

উয়িং কামাণ্ডাৰ জি এম চাৰ্লচ, স্কোৱাৰ্ডন লিডাৰ এইচ বিনোদ, ফ্লাইট লেফটেনেণ্ট মোহিত গাৰ্গ, ফ্লাইট লেফটেনেণ্ট চুমিত মহন্তি, ফ্লাইট লেফটেনেণ্ট আশিষ তানৱাৰ, ফ্লাইট লেফটেনেণ্ট ৰাজেশ থাপা, ৱাৰেণ্ট অফিচাৰ কে কে মিশ্ৰ, কোৰপোৰাল চাৰিন, এয়াৰমেন পংকজ চাংৱান, এয়াৰমেন এচ কে সিং, নন-কোমবাটান্ট ৰাজেশ কুমাৰ আৰু পুতলী।

Related News