NORTHEAST NOW (Assamese)
অসম

তীব্ৰ চাঞ্চল্য : অৰুণাচল-চীন সীমান্তৰ আকাশমাৰ্গৰ পৰা বায়ুসেনাৰ বিমান নিৰুদ্দেশ

Posted by: নৰ্থ-ইষ্ট নাও নিউজ Updated by: নৰ্থ-ইষ্ট নাও নিউজ June 3, 2019 4:32 pm
AN-32-750x422

যোৰাহাটৰ পৰা কেই ঘণ্টামান পূৰ্বে উৰা মৰা ভাৰতীয় বিমান বাহিনীৰ এখন বিমান (IAF’s AN 32) অৰুণাচল-চীনা সীমান্তৰ আকাশমাৰ্গৰ পৰা নিৰুদ্দেশ হোৱাট চাঞ্চল্যৰ সৃষ্টি হৈছে।

বায়ুসেনা বাহিনীৰ সূত্ৰই ৩ জুনত ঘটনাটোৰ বিষয়ে জানিবলৈ দি কয় যে বিমানখনে যোৰহাট বিমান বন্দৰৰ পৰা আজি ১২.২৫ বজাত চীন সীমান্তৰ কাষৰ অৰুণাচল প্ৰদেশৰ মাচুকা এডভান্স লেণ্ডিং গ্ৰাউণ্ডৰ দিশত উৰণ কৰিছিল।

“বিমানখনৰ সৈতে গ্ৰাউণ্ড এজেন্সিৰ অন্তিমবাৰৰ বাবে যোগাযোগ হৈছিল ১৩:০০ বজাত। তাৰ পিছত কোনো সংযোগ হোৱা নাই”, বিমানখনে লক্ষ্যস্থানো পোৱাগৈ নাই বুলি জানিবলৈ দি সূত্ৰটোৱে কয়।

বিমানখনত ৮জন বিমানকৰ্মী আৰু ৫জন যাত্ৰীৰে মুঠ ১৩জন ব্যক্তি আছিল।

“বিমানখনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ বা সন্ধান লাভ কৰিবলৈ সকলো ধৰণৰ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে”, বায়ুসেনাৰ সূত্ৰটোৱে কয়।

scroll নামৰ সংবাদ প’ৰ্টেলটোত প্ৰকাশ পোৱা মতে, ভাৰতীয় বায়ুসেনা বাহিনীয়ে নিৰুদ্দিষ্ট বিমানখনৰ সন্ধানত ইতিমধ্যে ছুখয়-৩০ যুঁজাৰু বিমান আৰু এখন বিশেষ অভিযান (C-130) জেটবিমান  প্ৰেৰণ কৰিছে।