NORTHEAST NOW (Assamese)
অসম

Omicron :অসমতে উদ্ভাৱন হ’ল মাত্ৰ দুঘণ্টাতে অমিক্ৰন চিনাক্ত কৰাৰ বিশেষ কিট

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 11, 2021 5:47 pm

সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোভিডৰ অমিক্ৰন প্ৰজাতি চিনাক্ত কৰিবলৈ কমেও ২ ৰ পৰা ৩ দিন লাগিছিল যদিও শেহতীয়াকৈ অসমতে উদ্ভাৱন হ’ল এনে এক কিট যি কিটৰ জৰিয়তে মাত্ৰ দুঘণ্টাৰ ভিতৰতে অমিক্ৰন চিনাক্ত কৰিব পৰা যাব।

ইয়াৰ ফলত অমিক্ৰন প্ৰজাতিত আক্ৰান্ত লোকৰ চিকিৎসা খৰতকীয়া কৰি তুলিব পৰা যাব।

ডিব্ৰুগড়ৰ আইচিমআৰে উদ্ভাৱন কৰা এই কিট বিধে সেয়ে বিশ্বৰ বিজ্ঞানী মহলৰ মনত আশাৰ সঞ্চাৰ ঘটাইছে।

ডিব্ৰুগড়ৰ আইচিমআৰৰ গৱেষক ডাঃ বিশ্বজিৎ বৰকটকীয়ে প্ৰকাশ কৰা মতে প্ৰ’টিন বিশ্লেষণৰ পদ্ধতিৰ আলমত এই কিট বিধ সাজি উলিওৱা হৈছে।

কিট বিধে মাত্ৰ দুঘণ্টাৰ ভিতৰতে ১০০ শতাংশ নিশ্চিত হাৰত অমিক্ৰন চিনাক্ত কৰিবলৈ সক্ষম হ’ব বুলি গৱেষকগৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখ্য ভাৰতত আজিলৈকে ৩৩ গৰাকী লোক অমিক্ৰনৰ দ্বাৰা আক্ৰান্ত হৈছে। বিশ্বৰ ৫৭ খন দেশলৈ এই ভাইৰাছ বিধ বিয়পি পৰিছে।