NORTHEAST NOW (Assamese)

ICSE ৰ দশম শ্ৰেণী আৰু ISC দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

July 24, 2021 4:51 pm · এন ই নাও নিউজ
Updated: July 24, 2021 4:55 pm
ফাইল ফটো

দ্য কাউন্সিল ফৰ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট একজামিনেছন চমুকৈ CISCE-এ আজি ঘোষণা কৰিছে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল।

দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণৰ শতকৰা হাৰ হৈছে ৯৯.৯৮ শতাংশ আৰু দ্বাদশ শ্ৰেণীত উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.৭৬ শতাংশ।দিল্লীত উত্তীৰ্ণৰ হাৰ হৈছে ১০০ শতাংশ।

ISC দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দিল্লীত উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.৯৩ শতাংশ।

এইবাৰ ICSE দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২,৯০৯ গৰাকী ছাত্ৰ আৰু ২,৫৫৪ গৰাকী ছাত্ৰী।একেদৰে ISC দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ১,৪১৮ গৰাকী ছাত্ৰ আৰু ১,৩৯৩ গৰাকী ছাত্ৰী।

ছাত্ৰ-ছাত্ৰীসকলে cisce.org বা results.cisce.org. বেৱচাইটলৈ গৈ ফলাফল চাব পাৰিব।

উল্লেখ্য কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এইবাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছিল।বিকল্প মূল্যায়ন পদ্ধতিৰ জৰিয়তে সেয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰদান কৰা হৈছে।

ICSE বোৰ্ডৰ মুখ্য কাৰ্যবাহী তথা সচিব গেৰী আৰাথুনে প্ৰকাশ কৰা মতে এইবাৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহীৰ পুনৰীক্ষণৰ কোনো সুবিধা নাপাব।

এইবাৰৰ ফলাফলত কোনো মেৰিট লিষ্টৰো ব্যৱস্থা ৰখা হোৱা নাই।

Related News