NORTHEAST NOW (Assamese)

অখিল গগৈৰ মৃত্যু হ’লে হিমন্ত সোণোৱাল দায়ী হ’ব : উচুপি উঠিলে অখিলৰ মাতৃয়ে

July 6, 2020 7:13 pm · কল্পজ্যোতি শইকীয়া
অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ

ৰাজ্যত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ ভয়ংকৰ গণ সংক্ৰমণ হোৱাৰ সময়তে অখিল গগৈ প্ৰচণ্ড জ্বৰ কাঁহত ভোগা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পাছতে এতিয়া বিষয়টোৱে চাৰিওফালে চৰ্চা লাভ কৰিছে।

এই খবৰ পাই ভাগি পৰিছে অখিলৰ পত্নী গিতাশ্রী তামুলী। ফেইচবুকযোগে তেওঁ মনৰ কথাখিনি ইতিমধ্যে প্ৰকাশ কৰিছে।

ইপিনে, এই খবৰ পাই শোকত ভাগি পৰিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ।

অখিল গগৈৰ মৃত্যু হ’লে হিমন্ত সোণোৱাল দায়ী হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য অখিলৰ মাতৃৰ।

“অখিলক মাৰি পেলাওক। হিমন্ত-সোনোৱালে মিছা মিছি এসোপামান দোষ জাপি দি দি ভৰাই থৈ দিছে। তাৰ কিবা হ’লে সিহঁত দোষী হ’ব দেই।” অখিলৰ মাতৃয়ে এইদৰে কয়।

ইয়াৰোপৰি, অখিলক জেইলৰ পৰা উলিয়াই দিয়ক বুলি হুকহুকাই কান্দি উঠিল মাতৃয়ে।

“মোৰ ল’ৰা এটাই আছিলে, সিহঁতে ধ্বংস কৰি পেলালে। অখিলক মাৰি পেলাওক।” দুখত ভাগি পৰা অখিলৰ মাতৃ য়ে এইদৰে কয়।

উল্লেখযোগ্য যে, অখিল গগৈ কাৰাগাৰত কটোৱা আজি ২০৪ দিনত ভৰি দিলে।

Related News