NORTHEAST NOW (Assamese)
দেশ

লুকুৱাবলগীয়া একো নাই যদি আদানী বিতৰ্কৰ পৰা কিয় পলাইছে চৰকাৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2023 4:09 pm
Adani row

আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে পোহৰলৈ অনা দেশৰ ধনকুবেৰ গৌতম আদানীৰ বিত্তীয় জালিয়াতিৰ বিষয়ত কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে প্ৰধান বিৰোধী দল কংগ্ৰেছে। আজি চৰকাৰক এই বিষয়ত পুনৰ তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ জেষ্ঠ নেতা জয়ৰাম ৰমেশে।

যদিহে চৰকাৰৰ আদানীৰ ওনৰত উত্থাপিত অভিযোগ সন্দৰ্ভত লুকুৱাবলগীয়া একো নাথাকে, তেন্তে এই বিষয়ত যুটীয়া সংসদীয় কমিটিৰ তদন্তৰ অনুমতি দিয়াৰ পৰা কিয় পলায়ন কৰিছে বুলি প্ৰশ্ন তুলিছে জয়ৰাম ৰমেশে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিষয়ত ভাৰতীয় জনতা পাৰ্টিয়ে লুকুৱাবলগীয়া বা ভয় কৰিবলগীয়া একো নাই বুলি মন্তব্য কৰাৰ পিছতে কংগ্ৰেছে চৰকাৰৰ ওপৰত এই বাক্যবাণ নিক্ষেপ কৰিছে।

দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে আদানীৰ বিষয়টোৰ ওপৰত নিৰপেক্ষ তদন্তৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাস আৰু ছেবিৰ মুৰব্বী মাধাবী পুৰী বুচলৈ পত্ৰ প্ৰেৰণ কৰিছে।

গৃহমন্ত্ৰী শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰমেশে যদি চৰকাৰৰ হাতত লুকুৱাবলগীয়া একো কথাই নাই, তেতিয়াহ’লে তেওঁলোকে কিয় যুটীয়া সংসদীয় সমিতিৰ তদন্ত ঘোষণাৰ পৰা পলায়ন কৰিছে বুলি কটাক্ষ কৰে।

সংবাদমেলত জয়ৰাম ৰমেশে কয়, “চৰকাৰে আমাক সংসদত জেপিচিৰ দাবী উত্থাপন কৰিবলৈও অনুমতি নিদিয়ে। দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি আমাৰ নেতাসকলে যেতিয়া জেপিচিৰ দাবী উত্থাপন কৰিছিল, তেতিয়া তেওঁলোকৰ মন্তব্য সংসদৰ ৰেক’ৰ্ডৰ পৰা মচি পেলোৱা হৈছিল।”

উল্লেখ্য যে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে আদানী গ্ৰুপৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ উত্থাপন কৰাৰ পিছত আদানী গ্ৰুপৰ শ্বেয়াৰত বিপৰ্যয়ৰ উদ্ভৱ হৈছে। ইয়াৰ পিছতে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে শ্বেয়াৰ বজাৰৰ বাবে নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰাৰ বিষয়ে চোৱাচিতা কৰিবলৈ পেনেল গঠনৰ প্ৰস্তাৱ দিয়ে।

শীৰ্ষ আদালতৰ এই প্ৰস্তাৱত কেন্দ্ৰই সন্মতি দিয়াৰ পিছতে ৰমেশে এই পেনেল গঠন কৰাত কোনো আপত্তি নাই বুলি মন্তব্য কৰে আৰু আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত যুটীয়া সংসদীয় কমিটিৰ তদন্তৰ দাবীত সকলো বিৰোধী দল ঐক্যবদ্ধ বুলি স্পষ্ট কৰি দিয়ে।