NORTHEAST NOW (Assamese)
অসম

IIFA 2022 Awards আইফা ২০২২ : শ্ৰেষ্ঠ ছবিৰ খিতাপ আজুৰিলে ‘শ্বেৰশ্বাহ’-এ, বিকি কৌশল, কৃতি চেনন শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 5, 2022 5:23 pm

Mumbai: আবু ধাবিত বৰ্ণিল পৰিবেশৰ মাজত অনুষ্ঠিত হয় আইফা ২০২২ বঁটা প্ৰদান অনুষ্ঠান।

২০২২ বঁটা প্ৰদান অনুষ্ঠানত একছনেৰে ভৰপূৰ বলীউডৰ ছবি ‘শ্বেৰশ্বাহ’ -এ আইফাৰ শ্ৰেষ্ঠ ছবিৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হয়।
বিকি কৌশল, কৃতি চেননে শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। শনিবাৰে নিশা আবু ধাবিৰ য়াছ দ্বীপৰ য়াছ বে ৱাটাৰফ্ৰণ্টৰ ইতিহাদ এৰেনাত অনুষ্ঠিত আইফাৰ বঁটা প্ৰদান অনুষ্ঠানত কৰণ জোহৰে প্ৰযোজনা কৰা ‘শ্বেৰশ্বাহ’ ছবি খনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ পৰিচালনাৰ বঁটাৰেও সন্মানিত হয়।

কাৰ্গিল যুদ্ধৰ নায়ক কেপ্টেইন বিক্ৰম বাত্ৰাৰ জীৱনকৈ নিৰ্মাণ কৰা হৈছে ছবি খন৷ শ্ৰেষ্ঠ গায়ক-গায়িকাৰ শিতানত ক্ৰমে ৰাতান লম্বিয়ানৰ বাবে জুবিন নটিয়াল আৰু আচিছ কৌৰক পুৰস্কৃত কৰা হয়। শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ সন্মান লাভ কৰিছে এ আৰ ৰহমানৰ “আত্ৰংগী ৰে”৷ অনুৰাগ বসুক তেওঁৰ বহু প্ৰশংসিত ২০২০ চনত মুক্তি প্ৰাপ্ত “লুডো”ৰ বাবে শ্ৰেষ্ঠ মূল কাহিনীৰ বঁটা প্ৰদান কৰা হৈছে ৷১৯৮৩ চনৰ ভাৰতৰ ক্ৰিকেট বিশ্বকাপ বিজয়ৰ ওপৰত আধাৰিত এখন চলচ্চিত্ৰ “৮৩”ৰ বাবে কবীৰ খান আৰু সঞ্জয় পুৰাণ সিং চৌহানে শ্ৰেষ্ঠ অভিযোজিত কাহিনীৰ সন্মান লাভ কৰিছে।

সুজিত চিৰকাৰে পৰিচালনা কৰা “চৰ্দাৰ উধম”ত স্বাধীনতা সংগ্ৰামী উধম সিঙৰ চৰিত্ৰৰ বাবে বিকি কৌশলক শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচন কৰা হয়।

অনুষ্ঠানত প্ৰয়াত সংগীত পৰিচালক বাপ্পী লাহিড়ীলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ অভিনেত্ৰী কৃতি চেননে “মিমি”ত কৰা অপূৰ্ব অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে৷ পংকজ ত্ৰিপাঠীয়ে “লুডো”ৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেতাৰ বঁটা লাভ কৰিছে। কৌছাৰ মুনিৰে কবীৰ খানৰ “৮৩”ৰ পৰা “লেহৰে দো” গানটোৰ বাবে শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰে।

আবু ধাবিত বৰ্ণিল বঁটা প্ৰদান অনুষ্ঠানত চলমান খান, ৰিতেশ দেশমুখ আৰু মণিশ পলৰ লগতে অভিষেক বচ্চন, টাইগাৰ শ্ৰফ, অনন্যা পাণ্ডে, চাৰা আলী খান, নোৰা ফাতেহীকে ধৰি বহু চেলিব্ৰেটী উপস্থিত আছিল।