NORTHEAST NOW (Assamese)
অসম

সহপাঠী ছাত্ৰীক নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাই ধৰ্ষণ: গুৱাহাটী আই আই টিৰ ছাত্ৰক বহিস্কাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2021 7:54 pm

সহপাঠী ছাত্ৰীক বলাৎকাৰ কৰা গুৱাহাটী আই আই টিৰ অভিযুক্ত ছাত্ৰ উৎসৱ কদমক অৱশেষত শৈক্ষিক প্ৰতিষ্ঠান খনৰ পৰা বহিস্কাৰ কৰাৰ সিদ্ধান্ত ল’লে আই আই টি,গুৱাহাটীৰ ছিনেটে।

শেহতীয়াকৈ অনুষ্ঠিত আই আই টি,গুৱাহাটীৰ ছিনেটৰ বৈঠকত শৈক্ষিক প্ৰতিষ্ঠান খনৰ যাৱতীয় বিধি উলংঘা কৰাৰ অভিযোগত ছাত্ৰ জনক প্ৰতিষ্ঠান খনৰ পৰা বহিস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য উত্তৰ-গুৱাহাটীৰ আমিনগাওঁস্থিত আই আই টি গুৱাহাটীত যৌন নিৰ্যাতনৰ বলি হৈছিল এগৰাকী ছাত্ৰী ।

চলিত বৰ্ষৰ ২৮ মাৰ্চৰ নিশা আই.আই.টি গুৱাহাটীত হোলী উপলক্ষে আয়োজিত অনুষ্ঠান চলি থকাৰ মাজতে এজন ছাত্ৰই সংঘটিত কৰিছিল এই জঘন্য কাণ্ড।

উক্ত দিনা মাজনিশা মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হৈছিল গুজৰাটৰ ২১ বছৰীয়া ছাত্ৰীগৰাকীক।

৩ এপ্ৰিলৰ দিনা এই ঘটনাৰ লগত জৰিত এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰিছিল উত্তৰ গুৱাহাটী আৰক্ষীয়ে ।

ছাত্ৰজনৰ নাম উৎসৱ কদম ।

এই ঘটনাৰ লগত জৰিত থকাৰ অভিযোগত অন্য ৪ জন ছাত্ৰকো আটক কৰিছিল আমিনগাওঁ আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা ছাত্ৰজন ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ।

অভিযুক্ত উৎসৱ কদমৰ ঘৰ মহাৰাষ্ট্ৰৰ মুম্বাইত ।
উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত আই.আই.টি. কৰ্তৃপক্ষই আমিনগাঁও আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত 53/21 নম্বৰৰ 376 ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৰুজু হৈছিল ।
ছাত্ৰী গৰাকীক মাদকদ্ৰৱ্য সেৱন কৰাই যৌন নিৰ্যাতন চলোৱাৰ তথ্য পোহৰলৈ আহিছিল । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত যোৱা ১৩ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে ছাত্ৰ জনৰ জামিন মঞ্জুৰ কৰিছিল।উচ্চ ন্যায়ালয়ে ছাত্ৰ জনৰ জামিন মঞ্জুৰ কৰি কৈছিল যে ছাত্ৰ জন ‘ভৱিষ্যতৰ সম্পদ’।