NORTHEAST NOW (Assamese)
অসম

আই আই টি গুৱাহাটীৰ গৱেষকৰ মতে অহা ৩০ দিনত দেশত কিমান হ’ব কৰ’না আক্ৰান্তৰ সংখ্যা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2020 9:35 am
For-COVID-19-Patients-Breathing-Easier-Could-Be-as-Simple-as-Flipping-Over-400x241

আই আই টি গুৱাহাটী আৰু ছিংগাপুৰ মেডিকেল স্কুলে ডাটা ছায়েন্স মডেল আৰু লজিষ্টিক পদ্ধতিৰে কৰ’নাৰ বিশ্লেষণ আগবঢ়াইছে।

সেই মতে অহা ৩০ দিনত দেশত ডেৰ লাখৰ পৰা চাৰে পাঁচ লাখ পৰ্যন্ত কোভিড-১৯ আক্ৰান্তৰ ঘটনা বৃদ্ধি পাব পাৰে।

ডাটা ছায়েন্স মডেলৰ জৰিয়তে কৰা বিশ্লেষণ অনুসৰি কৰ’না সংক্ৰমণৰ সংখ্যা ১.৩০ লাখলৈকে বৃদ্ধি পাব পাৰে।

সেইদৰে লজিষ্টিক পদ্ধতিৰ বিশ্লেষণ মতে দেশত সংক্ৰমণৰ সংখ্যা ৫.৫০ লাখ হোৱাৰ সম্ভাৱনা আছে।

আই আই টি গুৱাহাটী আৰু ছিংগাপুৰৰ ডিউক-এনয়ুএছ মেডিকেল স্কুলৰ গৱেষকে ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত ৩০ দিনত কোভিড-১৯ত সংক্ৰমিত লোকৰ সংখ্যাৰ পূৰআনুমান তথ্য বিশ্লেষণৰ বাবে বিকল্প মডেল অৱলম্বন কৰে।

তেওঁলোকে উলিওৱা ডাটা ছায়েন্স মডেলটো তিনিটা ভিন ভিন মডেলৰ সমাহাৰ।

আই আই টি গুৱাহাটীৰ সহযোগী অধ্যাপক পলাশ ঘোষে সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিয়া মতে কোনো এটা মডেলৰ ওপৰত ভিত্তি কৰা প্ৰতিবেদনে আমাক বিভ্ৰান্ত কৰিব পাৰে। সেয়েহে এই বিকল্প পদ্ধাতি অৱলম্বন কৰা হৈছে।

এই মডেলত ৰাজ্যসমূহক মধ্যম, জটিল আৰু নিয়ন্ত্ৰিত এই তিনিটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে। এয়া গ্ৰীণ জ’ন, অ’ৰেঞ্জ জ’ন আৰু ৰেড জ’নৰ শ্ৰেণীকৰণতকৈ বেলেগ।

গৱেষকসকলৰ এই অনুমান সঁচা হ’লে আগন্তুক এমাহত কৰ’নাৰ সংক্ৰমণ দেশৰ বাবে উদ্বেগৰ বিষয় বুলি ক’ব পাৰি।