NORTHEAST NOW (Assamese)
Popular Stories

নোট টকা চেনিটাইজ কৰিব পৰা বিশেষ যন্ত্ৰ নিৰ্মাণ আই আই টি, ৰোপাৰৰ গৱেষকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 10, 2020 4:54 pm
Flying Squad

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, ৰোপাৰে পইচা চেনিটাইজ কৰাৰ বাবে এক বিশেষ ধৰণৰ এক যন্ত্ৰ প্ৰস্তুত কৰি উলিয়াইছে।

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, ৰোপাৰে অতিবেঙুনীয়া বীজাণুনাশক বিকিৰণ প্ৰযুক্তি ব্যৱহাৰ কৰি ট্ৰাংক আৰ্হিৰ যন্ত্ৰটো নিৰ্মাণ কৰি উলিয়াইছে।

এই বিশেষ চেনিটাইজ যন্ত্ৰটো ব্যৱহাৰ কৰি ব্যৱহাৰকাৰী সকলে বাহিৰৰ পৰা ঘৰলৈ অনা গেলামাল সামগ্ৰীৰ লগতে পইচাও চেনিটাইজ কৰিবলৈ সক্ষম হ’ব।

এই যন্ত্ৰটোৰ সহায়ত ৩০ মিনিটত গোটেই সামগ্ৰী সমূহ চেনিটাইজ কৰিব পৰা যাব বুলি আই আই টি, ৰোপাৰৰ গৱেষক ছাত্ৰ-ছাত্ৰী সকলে জানিবলৈ দিছে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বৰ্তমান সময়ত সকলোবোৰ সামগ্ৰী বিজাণুমুক্ত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

চৰকাৰ তথা প্ৰশাসনে দোকান-পোহাৰ, পথ-পদুলীকে ধৰি বিভিন্ন ৰাজহুৱা স্থান সমূহ ইতিমধ্যে চেনিটাইজ কৰি আছে যদিও টকা-পইচাকে ধৰি কিছুমান সামগ্ৰী চেনিটাইজ কৰাৰ ক্ষেত্ৰত জনসাধাৰণো চিন্তাত পৰা দেখা গৈছিল।

জনসাধাৰণৰ এই চিন্তা দূৰ কৰাৰ বাবেই আই আই টি, ৰোপাৰে এই যন্ত্ৰটো সাজি উলিয়াইছে।