NORTHEAST NOW (Assamese)
অসম

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত বন বিভাগৰ অভিযান; বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক February 20, 2020 7:01 am
বাক্সা

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত বন বিভাগৰ অভিযান; বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ।কাঠ ভর্তি এখন গাড়ী জব্দ কৰাৰ লগতে এজনক আটক।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ  মেছগুৰিৰ পৰা বন বিভাগে  অবৈধ কাঠসহ এখন গাড়ী জব্দ কৰাৰ লগতে এজন চোৰাং কাঠ বেপাৰীক  আটক কৰে। অভিযান চলাইছিল  কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ দলে।

আজি পুৱতি নিশা এক বিশেষ সূত্ৰ লাভ কৰি SSB আৰু কুমাৰীকাটা বন বিভাগৰ লোকে যুটীয়া অভিযান চলাইছিল। আৰু অভিযান কালত  AS- 01-X- 7989 নম্বৰৰ অবৈধ কাঠৰ ভৰ্তি গাড়ীখন জব্দ কৰি কুমাৰীকাটা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে।

জব্দকৃত কাঠৰ মূল্য ৬০ হেজাৰ টকাৰো অধিক বুলি জানিব পৰা গৈছে। গাড়ীসহ এই অবৈধ কাঠৰ মূল্য প্ৰায় ৩ লক্ষাধিক টকাৰো অধিক।

উল্লেখ যে, বিগত দীৰ্ঘদিনে এচাম চোৰাং কাঠ বেপাৰীয়ে পাহাৰৰ পৰা গছ কাটি এইদৰে সীমান্তত অব্যাহত ৰাখিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা।