NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত কেইবা লাখ টকাৰ কাঠ ভৰ্তি ট্ৰাক জব্দ; গাড়ী এৰি পলায়ন কৰে চালকে

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ March 5, 2020 9:49 am

শিৱসাগৰৰ বন বিভাগে মংগলবাৰে ৰাতি এক গোপন খবৰৰ ভিত্তিত ডিমৌত এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে। ট্ৰাকখনৰ নম্বৰ হ’ল AS-O1-KC-9020।

শিৱসাগৰ আঞ্চলিক বন বিভাগৰ কাৰ্যলয়ৰ কৰ্মচাৰীয়ে এক গোপন খবৰৰ ভিত্তিত ডিমৌত তালাচী চলাই থকাৰ সময়তে কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰে। অৱশ্যে ট্ৰাকখন এৰি চালকজন সেই স্থানৰ পৰা পলায়ন কৰে।

জব্দ কৰা ট্ৰাকখনৰ পৰা কেইবা লাখ টকাৰ মূল্যৰ কাঠ উদ্ধাৰ কৰা হয়।

কোনো ধৰণৰ নথি পত্ৰ অবিহনে অনা হৈছিল কাঠখিনি। ডিব্ৰুগড় দিশৰ পৰা গুৱাহাটী দিশে আহি থকা অৱস্থাত ডিমৌৰ সমীপত জব্দ কৰা হয় কাঠ ভৰ্তি ট্ৰাকখন।

বন বিভাগে সন্দেহ কৰা  মতে ট্ৰাকখিনি অৰুণাচলৰ পৰা অনা হৈছিল বুলি জানিব পৰা গৈছে।

কাঠ ভৰ্তি ট্ৰাকখন বন বিভাগে নিজৰ জিম্মাত লৈ শিৱসাগৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়লৈ আনে।

আনহাতে ট্ৰাকখনত পোৱা নথিপত্ৰ অনুসৰি ট্ৰাক খন গুৱাহাটীৰ ৰাজু ঠাকুৰীয়াৰ নামত পঞ্জীয়ণভুক্ত।