NORTHEAST NOW (Assamese)
মণিপুৰ

অবৈধভাৱে ঔষধ বিক্ৰীৰ অভিযোগ! চেন্নাইত গ্ৰেপ্তাৰ মণিপুৰৰ যুৱতী, উদ্ধাৰ ৮ হাজাৰৰো অধিক বিষনাশক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 26, 2025 5:19 pm
অবৈধভাৱে ঔষধ বিক্ৰীৰ অভিযোগ! চেন্নাইত গ্ৰেপ্তাৰ মণিপুৰৰ যুৱতী, উদ্ধাৰ ৮ হাজাৰৰো অধিক বিষনাশক

মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ ক্ৰমাৎ উদ্বেগ বৃদ্ধি পাইছে। ইফালে, চেন্নাইত এগৰাকী মণিপুৰী যুৱতীক গ্ৰেপ্তাৰ কৰা হৈছে। যুৱতীগৰাকীৰ বিৰুদ্ধে অবৈধ ঔষধ বিক্ৰীৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ৩০ বছৰীয়া যুৱতীগৰাকীৰ নাম ৰেবেকা আৰু তেওঁৰ পৰা ৮১০০টা বিষনাশক ঔষধ উদ্ধাৰ কৰা হৈছে!

জানিব পৰা মতে, ৰেবেকা মণিপুৰৰ সেই সিংহাট গাঁৱৰ বাসিন্দা।

চেন্নাই আৰক্ষীয়ে গোপন সূত্ৰৰ জৰিয়তে এইগৰাকী মহিলাৰ বিষয়ে তথ্য লাভ কৰে। তেওঁ অনলাইনযোগে বিষনাশক ঔষধ কিনি চহৰৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি আছিল।