NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ নিৰ্দেশৰ পাছতে দিছপুৰৰ ১ নং বশিষ্ঠপুৰ বাইলেনৰ ভূমি বেদখল মুক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 30, 2020 8:08 pm
Sarbananda Sonowal Bajali district: Locals welcome Sonowal cabinet decision, BJP distributes sweets

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশৰ ভিত্তিত প্ৰশাসনে দিছপুৰৰ ১ নং বশিষ্ঠপুৰ বাইলেনৰ অবৈধ বেদখল মুক্ত কৰি পথটো সূচল কৰাৰ বাবে স্থানীয় ৰাইজে মুখ্য মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

এই সম্পৰ্কে অঞ্চলটোৰ ৰাইজে বিশেষ কৃতজ্ঞতা স্বীকাৰ কৰি এখন পত্ৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে, বিগত ২৩ জানুৱাৰিত দিছপুৰ ১ নং বশিষ্ঠপুৰ বাইলেনৰ ২ নং আৱাস গৃহত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত দুটা নিষ্পাক শিশু নিহত হ’বলগীয়াৰ দৰে কৰুণ ঘটনা সংঘটিত হৈছিল।

এই ঘটনাৰ পাছতে বিগত ২৪ জানুৱাৰিৰ সন্ধিয়া মুখ্য মন্ত্ৰী সোণোৱালে নিহত কণমানি শিশু দুটিৰ গৃহত উপস্থিত হৈ তেওঁলোকলৈ অশ্ৰুশিক্ত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছিল।

মুখ্য মন্ত্ৰীক সেই সময়ত স্থানীয় জনসাধাৰণে অৱগত কৰিছিল যে বাইলেনটোৰ সন্মুখ ভাগৰ মাটি ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান দূৰ সংযোগ বিভাগে অকৰ্তৃত্বশীলভাবে দখল কৰি আছে আৰু যাৰ ফলত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন সেইদিনাখন সূচলভাবে আহি উপস্থিত হ’ব পৰা নাছিল।

স্থানীয় লোকে মুখ্য মন্ত্ৰীক এই কথা অৱগত কৰাৰ পাছতেই মুখ্য মন্ত্ৰীয়ে প্ৰশাসনক সেই ভূমি বেদখল মুক্ত কৰাৰ নিৰ্দেশ দিছিল।

এই নিৰ্দেশৰ ভিত্তিতেই অকৰ্তৃত্বশীল বেদখল প্ৰশাসনে তাৎক্ষণিকভাবে মুক্ত কৰি পথটো সূচল কৰি তুলিছে।

আনহাতে, পথটো সূচল কৰি তোলাৰ বাবে এক পত্ৰযোগে স্থানীয় জনসাধাৰণে মুখ্য মন্ত্ৰী সোণোৱালক ভূয়ষী প্ৰশাংসা কৰিছে।