NORTHEAST NOW (Assamese)
অসম

যোৰহাটত অবৈধ কাঠ ভৰ্তি বলেৰ’ পিক্আপ জব্দ

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক February 15, 2022 5:17 pm
Assam

যোৱা নিশা যোৰহাটৰ ভোগদৈ আৰক্ষীয়ে জব্দ কৰে অবৈধ চোৰাং কাঠ ভৰ্তি এখন বলেৰ’ পিক্আপ গাড়ী l

ভোগদৈ আৰক্ষীয়ে জব্দ কৰা অবৈধ কাঠ ভৰ্তি বলেৰ’ পিক্আপ খন যোৰহাট বন বিষয়াক চমজাই দিয়েl

উল্লেখ্য যে গোপন সূত্ৰৰ জৰিয়তে ভোগদৈ আৰক্ষীয়ে এই অবৈধ কাৰবাৰৰ সম্ভেদ পায়। ইয়াৰ পাছত গোপন তথ্যৰ আধাৰতে অভিযান চলাই জব্দ কৰে অবৈধ চোৰাং কাঠ ভৰ্তি গাড়ীখনl

জানিব পৰা মতে গাড়ীখন জব্দ কৰাৰ লগতে আৰক্ষীয়ে এজন ব্যক্তিকো আটক কৰিছেl

গাড়ীখন বোকাখাটৰ পৰা যোৰহাট অভিমুখে আহি আছিল বুলি জানিব দিছে বন বিষয়া গৰাকীয়েl