NORTHEAST NOW (Assamese)
অসম

চাপৰত অবৈধ ভাবে সৰবৰাহ কৰা কাঠ, বিলাসীপাৰাত অবৈধ তেল জব্দ

Posted by: তিলক প্ৰসাদ Updated by: তিলক প্ৰসাদ May 8, 2021 7:32 pm
truck

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰত   চাপৰ আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত জব্দ হয়  AS 25EC 0625 নম্বৰৰ কাঠ ভৰ্তি এখন ট্ৰাক।

কেবা লাখ টকাৰ কাঠ বজাই এই গাড়ীখন মেঘালয়ৰ পৰা ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত  ধৰা পৰে বুলি চাপৰ থানাৰ অচি প্ৰণৱ দলেই জানিবলৈ দিছে ।

উল্লেখ্য যে উক্ত কাঠৰ গাড়ীখন বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ সন্মখেৰে নিৰ্বিঘ্নে পাৰ হৈ আহিল যদিও বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ কোনো এজন কৰ্মচাৰীৰে চকুত নপৰিল কাঠ ভৰ্তি ট্ৰাকখন।

ইয়াকে লৈ সচেতন মহলৰ মাজত বন-বিভাগক লৈ বু বু বা বা চলা পৰিলক্ষিত হৈছে । চাপৰ আৰক্ষীয়ে ইতিমধ্যে উক্ত কাঠৰ গাড়ীখন বহলপুৰ আঞ্চলিক বন বিভাগৰ ওচৰত গতাই দিছে।

ইপিনে পশ্চিম অসমৰ  বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত চাপৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি চলোৱা  অভিযান চলাই চাপৰৰ ফলিমাৰী গাঁৱৰ আজমল হক নামৰ এজন লোকৰ ঘৰৰ পৰা ১৩০ লিটাৰ পেট্ৰল আৰু ২৭০ লিটাৰ ডিজেল (মুঠ ৪০০ লিটাৰ পেট্ৰল আৰু ডিজেল) জব্দ কৰে।

tru12

জব্দ কৰা পেট্ৰল আৰু ডিজেল খিনি  অবৈধ ভাবে মজুত কৰি ৰাখিছিল বুলি  ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলেই জানিবলৈ দিছে।

ইতিমধ্যে ঘটনা সংক্ৰান্তত আজমল হকক আটক কৰি চাপৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে আজমল হক পুৰ্বেও অৱৈধ পেট্ৰল, ডিজেলৰ ব্যৱসায়ত জড়িত হৈ জেল খাটিবলগীয়া হৈছিল। জেলৰ পৰা ওলাই আহি পুনৰ একেটা ব্যৱসায়ত জড়িত হয় লোক জন ।