NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ মাগুৰমাৰিত বন বিভাগৰ অভিযাত অবৈধ কাঠফলা মিলৰ সহ জেনেৰেটৰ জব্দ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা August 19, 2019 7:54 pm
forest department operation

নগাঁও আৰু কাৰ্বি আংলং সীমান্ত অঞ্চল সমূহত ব্যাপক হাৰত চলি থকা বন ধ্বংস যজ্ঞৰ সময়তে আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত মাগুৰমাৰি অঞ্চলত বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠফলা মিল সহ এটা জেনেৰেটৰ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে,  নগাওঁ জিলা বন বিষয়াৰ নেতৃত্বত নগাঁও সদৰ আৰু শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মী, বনসুৰক্ষা বাহিনীয়ে দিনৰ প্ৰায় এক মান বজাত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলাই চামগুৰি সমষ্টিৰ অন্তৰ্গত মাগুৰমাৰি অঞ্চলৰ মঃ লালু নামৰ অসাধু ব্যৱসায়ীগৰাকীৰ অবৈধ কাঠমিল সহ এটা জেনেৰেটৰ জব্দ কৰিবলৈ সক্ষম হয়৷

আনহাতে, বন বিভাগে জব্দ কৰা কাঠ ফলা মিলটো আৰু জেনেৰেটৰটো শালনা বন বিষয়াৰ কাৰ্যালয়ত আছে বুলি বন বিভাগৰ এক সুত্ৰই  জানিবলৈ দিয়ে।

স্থানীয় ৰাইজে অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই এনেদৰে অসাধু চক্ৰই বন বিভাগৰ কোনোধৰণৰ অনুমতি নোহোৱাকৈ কাঠ ফলা মিলত চোৰাং কাঠ সমূহ ফালি বিক্ৰী কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে।