NORTHEAST NOW (Assamese)
Popular Stories

অনুকৰণীয়! চাইকেল চলাই ১২৪ কেজি ওজন কমিল যুৱকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 25, 2025 10:00 am

আমেৰিকাৰ নাগৰিক ৰিয়ান গ্ৰেৱেলে (৩৬) চাইকেল চলাই ২২২ কেজিৰ পৰা ১২৪ কেজি ওজন কমাবলৈ সক্ষম হয়। কোনো অস্ত্ৰোপচাৰ নকৰাকৈ মাত্ৰ দুবছৰতে ১২৪ কেজি ওজন কমিছিল।

জনা যায় যে আমেৰিকাৰ ৩৬ বছৰীয়া যুৱক ৰিয়ান গ্ৰেৱেলে অনিয়মিত জীৱনশৈলী কটাইছিল। বেয়া খাদ্যাভ্যাস, ফাষ্ট ফুডৰ আসক্তিৰ ফলত ২২২ কিলোগ্ৰাম ওজন বৃদ্ধি পায়! ইয়াৰ পিছত যুৱকজনে খোজ কঢ়া, বহা, দৈনন্দিন কাম-কাজ সম্পন্ন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল। ইয়াৰ বাবে তেওঁ নিজকে দোষাৰোপ কৰিছিল। জীৱনটো অসহ্যকৰ হৈ পৰিছিল। অৱশেষত গ্ৰেৱেলে স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ সিদ্ধান্ত ললে। ২০২৩ চনত চাইকেল কিনি আৰম্ভ কৰা তেখেতে নিয়মিতভাৱে প্ৰতিদিনে নিৰ্দিষ্ট সময়ৰ বাবে চাইকেল চলায়। চাইকেলেৰে মাইলৰ পাছত মাইল যাত্ৰা কৰিলে। কিন্তু এদিনতে নহ। ২৪ মাহৰ প্ৰচেষ্টাত তেওঁ ১২৪ কেজি ওজন কমিছে।

ৰিয়ানে ছচিয়েল মিডিয়াত লিখিছে, “২০২৩ চনৰ জানুৱাৰী মাহত মোৰ ওজন আছিল ২২২ কিলোগ্ৰাম। সেই সময়ত মোৰ বয়স আছিল ৩৪ বছৰ। মই মোৰ স্বাস্থ্যৰ যত্ন লোৱাৰ সিদ্ধান্ত ললোঁ। সঁচা কথা কবলৈ গলে মোৰ জীয়াই থকাৰ বিশেষ সম্ভাৱনা নাছিল। মই আৰু খোজ কাঢ়িবলৈ ধৰিলোঁ। ভজা খাদ্য, মিঠাই, মদ আদি খোৱা বন্ধ কৰি ভাল খাদ্য খাবলৈ ধৰিলোঁ।