NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বক ইমৰান খানৰ কাতৰ অনুৰোধ, ‍‘আমাক ভোকত মৰাৰ পৰা বচাওক’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 13, 2020 3:12 pm
imran-khan

চীনৰ য়ুহান চহৰৰ পৰা আৰম্ভ হোৱা ক’ৰ’না ভাইৰাছে বিশ্বৰ প্ৰায়বোৰ দেশতে ধাৰণ কৰিছে সংহাৰী ৰূপ। ভাইৰাছবিধৰ ফলত এই পৰ্যন্ত বিশ্বত এক লাখৰো অধিক লোকৰ মৃত্যু হৈছে।

ক’ৰ’না মুক্ত কৰাৰ বাবে বিশ্ব প্ৰায়বোৰ দেশে যুঁজি থকাৰ সময়তে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত দেখা দিছে এক নতুন সংকট। বৰ্তমান ক’ৰ’নাৰ বাবে দেশখনৰ সকলো কাম কাজ বন্ধ।

যাৰ পৰিণতিত তীব্ৰ খাদ্য সমস্যাই দেখা দিছে দেশখনত। এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ দেশখনৰ প্ৰধান মন্ত্ৰী ইমাৰান খানে এক বাৰ্তাৰ জৰিয়তে বিশ্ববাসীক এই সমস্যাৰ পৰা বচাবলৈ আহ্বান জনাইছে।

প্ৰধান মন্ত্ৰীগৰাকীৰ এই আহ্বান একাংশ বিশ্লেষকে ক’ৰ’নাৰ অজুহাতত দেশখনে ঋণৰ পৰা হাত সৰাৰ উপায় বুলিও অভিহিত কৰিছে।

ইমৰান খানে এটা ভিডিঅ‍‘ বাৰ্তাৰ জৰিয়তে বিশ্বৰ বিত্তীয় প্ৰতিষ্ঠান সমূহক আহ্বান জনায় কয়, ‍‘এই সংকটৰ সময়ত পাকিস্তানৰ দৰে ঋণত ডুবি থকা দেশসমূহৰ বাবে এটা অভিযান চলাব লাগে। এই অভিযানৰ জৰিয়তে বিকিশত দেশসমূহৰ ঋণ মাফ কৰিব লাগে’।

প্ৰধান মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‍‘ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ পাকিস্তানৰ অৰ্থব্যৱস্থা সক্ষম নহয়। বিশ্বৰ বৃহৎ প্ৰতিষ্ঠান সমূহে এই দেশসমূহক সহায়ৰ বাবে আগবাঢ়ি আহিব লাগে আৰু ঋণ মাফৰ অভিযান আৰম্ভ কৰিব লাগে’।

খানে লগতে কয় যে পাকিস্তানৰ দৰে বিকশিত দেশে ক’ৰ’না প্ৰতিৰোধৰ বাবে লকডাউন দিছে আৰু এই লকডাউনৰ বাবে দেশত এতিয়া খাদ্য সংকটে দেখা দিছে।

উল্লেখ্য যে কিছু দিন পূৰ্বে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বনোৱা ছাৰ্ক কোভিদ-১৯ ফাণ্ডৰ জৰিয়তে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ইমৰান খানে সাহায্য বিচাৰিছিল।