NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতৰ আকাশী পথেৰে মালেছিয়ালৈ নাযায় পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 4, 2020 3:34 pm
Imran_Khan

ভাৰতৰ আকাশী পথ ব্যৱহাৰ নকৰে বুলি পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে মত প্ৰকাশ কৰিছে।

পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানে আজি মালেছিয়ালৈ ৰাওনা হ’ব।

দুদিনীয়া ভ্ৰমণসূচীৰে মালেছিয়াৰ কুৱালালামপুৰলৈ যাবলগীয়া ইমৰাণ খানে বিমান যাত্ৰাৰ সময়ত ভাৰতৰ আকাশী পথ ব্যৱহাৰ নকৰে বুলি পাকিস্তানৰ বৈদেশিক মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্কত অধিক অৱনতি ঘটিছিল।

ইয়াৰ পূৰ্বেও ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকালৈ যাত্ৰা কৰাৰ সময়ত পাকিস্তানে ভাৰতৰ প্ৰধান মন্ত্ৰীৰ বিমান পাকিস্তানৰ আকাশী পথেৰে যাবলৈ অনুমতি নিদিয়ে বুলি কৈছিল।

মোদীৰ লগতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ বিমানো পাকিস্তানৰ আকাশী পথেৰে উৰণৰ বাবে অনুমিত দিয়া হোৱা নাছিল।