NORTHEAST NOW (Assamese)

বিপদেই যেন সহচৰ! প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১০ বছৰৰ কাৰাদণ্ড

January 30, 2024 4:03 pm · এন ই নাও নিউজ, গুৱাহাটী

ইটোৰ পিছত সিটো বিপদে লগ নেৰা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক পুনৰ ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰা হৈছে।

দেশৰ গোপনীয়তা ফাদিল কৰাৰ অপৰাধত ইমৰাণ খানক এই শাস্তি বিহা হৈছে। খানৰ লগতে তেওঁৰ দল তেহৰিক-ই-ইনছাফৰ ভাইচ চেয়াৰমেন শ্বাহ মাহমুদ কুৰেশ্বীও শাস্তিৰ সন্মুখীন হৈছে।

মঙলবাৰে পাকিস্তানৰ বিশেষ আদালতে কূটনৈতিক দিশৰ সৈতে জড়িত চাইফাৰ গোচৰত ইমৰাণ খান আৰু শ্বাহ মাহমুদ কুৰেশ্বীক ১০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে।

ইমৰাণ খানৰ বিৰুদ্ধে পাকিস্তানৰ ক্ষমতাত থকাৰ সময়ত ৰাজনৈতিক উদ্দেশ্যত গোপনীয় কূটনৈতিক কেবল (চাইফাৰ) অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

আনহাতে ইমৰাণ খানে বাৰে বাৰে এই অভিযোগ নাকচ কৰি অভিযোগৰ জৰিয়তে তেওঁক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আঁতৰোৱাৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি দাবী কৰিছিল।

উল্লেখ্য যে, ২০২২ চনৰ এপ্ৰিল মাহত অনাস্থা ভোটৰ জৰিয়তে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা হৈছিল ইমৰাণ খানক।

আনহাতে বিগত বৰ্ষৰ ৫ আগষ্টত ইছলামবাদৰ আদালতে টোছাখানা গোচৰত তেওঁক তিনি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

পিছত ইছলামবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি স্থগিত ৰাখিছিল যদিও তাৰ পিছত তেওঁক চাইফাৰ গোচৰত গ্ৰেপ্তাৰ কৰি ন্যায়িক ৰিমাণ্ডত এট’ক জেলত ৰখা হয়।

Related News