NORTHEAST NOW (Assamese)
অসম

কথাশিল্পী ইমৰাণ শ্বাহক আনুষ্ঠানিক ভাবে পদ্মশ্ৰী সন্মান প্ৰদান

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ December 18, 2021 9:09 pm
কথাশিল্পী ইমৰাণ শ্বাহক আনুষ্ঠানিক ভাবে পদ্মশ্ৰী সন্মান প্ৰদান

শাৰীৰিক অসুস্থতাৰ বাবে নতুন দিল্লীলৈ গৈ বঁটা গ্ৰহণ কৰিব নোৱাৰা কথা শিল্পী ইমৰাণ শ্বাহক আজি আনুষ্ঠানিক ভাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।

সাহিত্যিকগৰাকীক অসম চৰকাৰৰ হৈ শিৱসাগৰ জিলা উপায়ুক্তই প্ৰদান কৰে পদ্মশ্ৰী বঁটা।

কথা শিল্পী গৰাকীৰ ধাই আলিস্থিত বাসগৃহত এই সন্মান প্ৰদান কৰে উপযুক্ত মেঘ নিধি দাহালে।

বঁটা গ্ৰহণ কৰি কথা শিল্পী গৰাকীয়ে সুখী বুলি মন্তব্য কৰাৰ লগতে এয়া তেওঁ কৰি অহা কামৰ চৰকাৰে দিয়া স্বীকৃতি বুলিও মন্তব্য কৰে।

উল্লেখ্য শাৰীৰিক অসুস্থতাৰ বাবে কথাশিল্পীগৰাকীয়ে নতুন দিল্লীলৈ গৈ এই সন্মান গ্ৰহণ কৰিব পৰা নাছিল।

সেইবাবেই তেওঁক আজিৰ নিজৰ ঘৰতে এই সন্মান প্ৰদান কৰা হয়।