NORTHEAST NOW (Assamese)
Popular Stories

ইতিহাসত প্ৰথম: কাশ্মীৰ সীমান্তত মোতায়েন কৰা হ’ল মহিলা সেনা দল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 6, 2020 7:38 pm
In-a-first-Army-d

ইতিহাসৰ পৃষ্ঠাত ভাৰতে ইটোৰ পিটত সিটোকৈ নতুন ঘটনাৰ সংযোজন ঘটাই গৈছে।

কালি প্ৰায় ৫০০ বছৰীয়া বিবাদৰ অন্তত অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাস হোৱাৰ পিছত এইবাৰ দেশৰ ইতিহাসত সংযোজন ঘটিল আন এক অধ্যায়ৰ।

দশকৰ পিছত দসক ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ সৃষ্টি কৰি অহা কাশ্মীৰত প্ৰথম বাৰৰ বাবে মোতায়েন কৰা হ’ল মহিলা সেনাৰ দল।

পাক সন্ত্ৰাসবাদীৰ পৰা আহি থকা সকলো ভয়-ভাবুকি নেওঁচি এতিয়াৰে পৰা কাস্মীৰৰ পাক-ভাৰত সীমান্তৰ দুৰ্গম অঞ্চলত দিনে-নিশাই পহৰা দিব মহিলা সেনাই।

ইয়াৰ পূৰ্বে নিৰাপত্তাৰ দিশটোৰ প্ৰতি নজৰ ৰাখি কাশ্মীৰ সীমান্তত মহিলা সেনা মোতায়েনৰ কথা কোনেও ভাবিবই পৰা নাছিল।

কিন্তু শেহতীয়াকৈ ভাৰতীয় সেনাত মহিলা কমিছনড অফিচাৰৰ অন্তৰ্ভূক্তিৰ বিষয়টোৱে অগ্ৰাধিকাৰ লাভ কৰাৰ লগে লগে কাশ্মীৰতো মহিলা সেনাৰ মোতায়েনৰ প্ৰসংগটোৱে নতুন মাত্ৰা লাভ কৰে।

সদ্যহতে কাশ্মীৰ সীমান্তত অসম ৰাইফলছৰ মহিলা কেডাৰক মোতায়েন কৰা হৈছে।

পাহাৰ-জংঘল, নদী-জান-জুৰি অতিক্ৰমি এই সকল মহিলা যোদ্ধা অনবৰতে ব্যস্ত হৈ থাকিব আই মাতৃৰ সেৱাত।

এইসকল মহিলা যোদ্ধাৰ সৈতে ইতিমধ্যে স্থানীয় মহিলা-যুৱতী সকল সহজ হৈ পৰিছে।