NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ত ৩মাহত ৩গৰাকী মুখ্য ন্যায়াধীশ! দেশৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এনে ঘটনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2022 3:59 pm

ভাৰতৰ উচ্চতম ন্যায়ালয়ত মাত্ৰ ৭৬দিনৰ ভিতৰত তিনিগৰাকী ন্যায়াধীশক মুখ্য ন্যায়াধীশ পদত দেখা পোৱা যাব।  ইয়াৰ পূৰ্বে ১৯৯১চনত এটা বছৰত তিনিগৰাকী মুখ্য ন্যায়াধীশ লাভ কৰিছিল উচ্চতম ন্যায়ালয়ে। এইবাৰ ২০২২চনত পুনৰ সেই ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ আগবাঢ়িছে।

দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এন ভি ৰামানাৰ উপৰি চলিত বছৰতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে দেখা পোৱা যাব ন্যায়াধীশ উদয় ইউ ললিত আৰু ধনঞ্জয় ৱাই চন্দ্ৰচূড়ক।

বৰ্তমান দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই ১৬ মাহ কাৰ্যকাল সমাপ্ত কৰাৰ পিছত অহা ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ ৰামানাৰ পিছতে মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব উদয় ইউ ললিতে। তেওঁ ৮ নৱেম্বৰত অৱসৰৰ পূৰ্বে দুমাহতকৈ কিছু অধিক সময় দেশৰ মুখ্য ন্যায়াধীশ পদত থাকিব।

লগতে পঢ়ক: আৰক্ষীৰ গৃহতে চোৰ! আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিশ্ৰুতিৰ পাছতো কিদৰে ভাইৰেল হ’ল উপ পৰিদৰ্শকৰ প্ৰশ্নকাকত?

ন্যায়াধীশ উদয় ইউ ললিতৰ অৱসৰৰ পিছত ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচূড়ে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল’ব। মুখ্য ন্যায়াধীশ হিচাপে তেওঁ দুবছৰীয়া কাৰ্যকাল লাভ কৰিব। এইদৰে ২৬ আগষ্টৰ পৰা মাত্ৰ ৭৬দিনৰ ভিতৰত তিনিগৰাকী ব্যক্তিক দেশৰ মুখ্য ন্যায়াধীশ পদত কাৰ্যনিৰ্বাহ কৰা দেখা যাব।

ইয়াৰ পূৰ্বে ১৯৯১ চনত ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে একেটা বৰ্ষতে তিনিগৰাকী ন্যায়াধীশে দায়িত্ব লৈছিল। সেই বৰ্ষৰ নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ে লাভ কৰিছিল তিনিগৰাকী মুখ্য ন্যায়াধীশ।

লগতে পঢ়ক: গ্ৰেপ্তাৰ হোৱা পৰীক্ষাৰ্থীসকলক শীঘ্ৰেই মুকলি কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

সেই মৰ্মে ১৯৯১ চনৰ ২৪ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাবে ৰংগনাথ মিশ্ৰই অৱসৰ গ্ৰহণ কৰিছিল। তাৰ পিছতে ২৫ নৱেম্বৰত ন্যায়াধীশ কমল নাৰায়ন সিং মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়। তেওঁ সেই বৰ্ষৰ ১২ ডিচেম্বৰলৈকে মাত্ৰ ১৭ দিনৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছতে ন্যায়াধীশ এম এইচ কানিয়াই মুখ্য ন্যায়াধীশ হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ ১৯৯১চনৰ ১৩ ডিচেম্বৰৰ পৰা ১৯৯২ চনৰ ১৭ নৱেম্বৰলৈ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।