NORTHEAST NOW (Assamese)
অসম

দেশত কৰ’নাৰ সন্ত্ৰাস! যোৱা ২৪ ঘন্টাত ২লাখ ৯৫ হাজাৰ আক্ৰান্ত; ২হাজাৰৰো অধিক লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2021 12:45 pm
india-covid-1

দেশত কৰ’না সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাইয়ো এক প্ৰকাৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মনন্ত্ৰ্যালয়ে দাঙি ধৰা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত ২লাখ ৯৫হাজাৰ ৪১জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, বিগত ঘন্টাত দেশত ২হাজাৰ ২৩ জন লোকৰ কৰ’না আক্ৰান্ত হৈ মৃত্যু হৈছে। বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা  হৈছে ১কোটি ৫৬লাখ ১৬হাজাৰ ১৩০জন।

সেইদৰে, এতিয়ালৈকে দেশত মুঠ কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ১লাক ৮২হাজাৰ ৫৫৩জন।

বৰ্তমান দেশত সক্ৰিয় কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২১লাখ ৫৭হাজাৰ ৫৩৮জন।

তথ্য অনুসৰি, বিগত ২৪ঘন্টাত দেশত ১লাখ ৬৭হাজাৰ ৪৫৭ জন লোক কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে। এতিয়ালৈকে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা হৈছে ১ কোটি ৩২লাখ ৭৬ হাজাৰ ৩৯জন।

এতিয়ালৈকে দেশত ১৩কোটি ১ লাখ ১৯হাজাৰ ৩১০জনক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। দেশত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে কেন্দ্ৰই ভেকচিন প্ৰদানৰ গতি বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।