কেৰাচিন ঢালি মদাহী পিতৃয়ে জ্বলাই দিলে নিজৰ পুত্ৰৰ ঘৰ; ৰাইজে পিতৃক বান্ধি গতালে আৰক্ষীক
চিৰাং জিলাৰ বিজনীৰ আমগুৰিৰ ৩ নং ৱাৰ্ডত এজন মদাহী পিতৃয়ে নিজ পুত্ৰৰ ঘৰ জ্বলাই দিয়াক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে প্ৰত্যেক দিনাৰ দৰে আজিও ৰাতিপুৱা প্ৰায় ৮.৩০ মান বজাত পিতৃ মণিৰাম বণিক্যই মদ খাই আহি পুত্ৰ নবজ্যোতি বণিক্যৰ বাসগৃহত কেৰাচিন ঢালি জ্বলাই দিয়ে।
ওচৰ চুবৰীয়াই সংবাদ মাধ্যমৰ আগত জনোৱা মতে ৰাতিপুৱাৰে পৰা ২ বটল কেৰাচিন লৈ পুত্ৰৰ বাসগৃহৰ ওচৰত ঘুৰি ফুৰা পৰিলক্ষিত হৈছিল মদাহী পিতৃ মনিৰাম বণিক্যক।
অৱশেষত জুই লগাই দিয়াৰ ফলত নিজ পুত্ৰ নৱজ্যোতি বণিক্যৰ ঘৰ জ্বলি ভষ্মীভূত হোৱাৰ লগতে বহু লাগতিয়াল নথিপত্ৰ জুইত জাহ যায়।
এই ঘটনাৰ পিছতে স্থানীয় লোকৰ সহযোগত পুত্ৰই মণিৰাম বণিক্যক গছত বান্ধি থৈ বিজনী থানাৰ আৰক্ষীৰ ওচৰচ পিতৃৰ নামত এখন এজাহাৰ দাখিল কৰে।
লক ডাউনৰ মাজতে সদায় মদ্যপান কৰি আহি ঘৰত উশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে একো কাম-কাজ নকৰি জুৱা খেলি বহি থকা পিতৃ মণিৰামে মদ খোৱাৰ নামত টকা বিচাৰি অত্যাচাৰ কৰি আহিছিল নিজৰ পুত্ৰক।