NORTHEAST NOW (Assamese)
অসম

দেশত কৰ্মহীনতাৰ ভয়ংকৰ ছবি! জুলাই মাহত প্ৰায় ৩২ লাখ লোকে হেৰুৱাইছে চাকৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2021 3:36 pm
unemployment in India

দেশত কৰ’না কালীন পৰিস্থিতিত কৰ্মহীনতাৰ এক ভয়ংকৰ ছবি পৰিস্ফুট হৈ পৰিছে। যোৱা জুলাই মাহত কমেও ৩২ লাখ চাকৰিজীৱী লোকে কাম হেৰুৱাইছে।

কৰ’নাৰ দ্বিতীয়টো ঢৌ লাহে লাহে স্তিমিত হৈ পৰাৰ সময়ত দেশত অৰ্থনীতিয়ে নতুনকৈ ছন্দলৈ উভতি অহাৰ দিশে আগবাঢ়িছে। কিন্তু তাৰ মাজতে পোহৰলৈ অহা এনে পৰিস্থিতি সঁচাকৈয়ে উদ্বেগজনক।

চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি (চি এম আই ই)ৰ শেহতীয়া পৰিসংখ্যাই এনে এক কথাই সদৰী কৰিছে।

পৰিসংখ্যা অনুসৰি ভাৰতত চাকৰীজীৱীৰ সংখ্যা প্ৰায় ৭.৬৪কোটি আৰু জুন মাহত এই সংখ্যা আছিল ৭.৯৭কোটি।

চি এম আই ইৰ মতে চাকৰি হেৰুওৱা লোকৰ ভিতৰত প্ৰায় ২৬ লাখ হৈছে চহৰাঞ্চলৰ। ইয়াত জুন মাহত চাকৰিজীৱীৰ সংখ্যা আছিল ৪.৮৭কোটি যিটো জুলাই মাহত ৪.৬১কোটিলৈ নামিছে।

আনহাতে, ক্ষুদ্ৰ ব্যৱসায়ী তথা মজুৰি কৰা শ্ৰমিকৰ সংখ্যা জুলাই মাহত ৩.০৪কোটিলৈ বৃদ্ধি পাইছে। জুন মাহৰ তুলনাত এই সংখ্যা প্ৰায় ২৪ লাখ অধিক। সেইদৰে এমাহত মুঠ ২১.৬লাখ কৃষিজীৱী লোকৰ সংখ্যা বৃদ্ধি পাইছে।