NORTHEAST NOW (Assamese)
Popular Stories

আই চি চিৰ এদিনীয়া ৰেংকিং : বুমৰাহৰ ৰাজত্বৰ অৱসান, কোন স্থানত বিৰাট কোহলী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 13, 2020 12:23 pm
Bumrah

নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত ভাৰতৰ তাৰকা বেগী বলাৰ জাচপ্ৰীত বুমৰাহৰ বলিঙৰ চোকে প্ৰভাৱ বিস্তাৰ কৰাত ব্যৰ্থ হৈছিল।

কেৰিয়াৰত প্ৰথম বাৰৰ বাবে কোনো এদিনীয়া শৃংখলা উইকেট বিহীনভাৱে সামৰণি মাৰিবলগীয়া হৈছিল বুমৰাহে।

নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত এদিনীয়া শৃংখলাৰ প্ৰভাৱ শেহতীয়াভাৱে আই চি চিয়ে ঘোষণা কৰা এদিনীয়া ৰেংকিঙত পৰা দেখা গৈছে।

নিউজিলেণ্ডত দুৰ্বল প্ৰদৰ্শনৰ বাবে দীৰ্ঘদিনৰ পৰা এদিনীয় ক্ৰিকেটৰ শীৰ্ষস্থান অক্ষত ৰখা বুমৰাহে শীৰ্ষস্থান এৰি দিবলগীয়া হৈছে নিউজিলেণ্ডৰ বেগী বলাৰ ট্ৰেণ্ট বোল্টক।

বোল্টে ৭২৭ পইণ্টেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে বুমৰাহে ৭১৯ পইণ্টেৰে দ্বিতীয় স্থানত থাকে।

আফগানিস্তানৰ স্পীনাৰ মুজিবুৰ ৰহমানে ৭০১ পইণ্টেৰে তৃতীয় স্থানত থাকে।

আনহাতে, বেটিঙত ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে।

বিৰাট কোহলীয়ে ৮৬৯ পইণ্টেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে ৰোহিত শৰ্মাই ৮৫৫ পইণ্টেৰে দ্বিতীয় স্থানত আছে।

তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে পাকিস্তানৰ বাবৰ আজম আৰু নিউজিলেণ্ডৰ ৰোজ টেইলৰ।