NORTHEAST NOW (Assamese)

দেশৰ আঠখন ৰাজ্যৰ ১৪ খন অভিযান্ত্ৰিক মহাবিদ্যালয়ত মাতৃভাষাতে কৰা হ’ব শিক্ষাদান

July 17, 2021 2:57 pm · এন ই নাও নিউজ

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আলমতে নতুন শিক্ষাবৰ্ষৰ পৰা দেশৰ আঠ খন ৰাজ্যৰ ১৪ খন অভিযান্ত্ৰিক মহাবিদ্যালয়ত মাতৃভাষাতে শিক্ষাদান কৰা হ’ব।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ পৰা উক্ত অভিযান্ত্ৰিক মহাবিদ্যালয় কেইখনে এই সন্দৰ্ভত যাৱতীয় অনুমতি লাভ কৰিছে।

মাতৃভাষাত শিক্ষাদান কৰিবলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয় কেই খনৰ ভিতৰত আধা সংখ্যক মহাবিদ্যালয়েই উত্তৰ প্ৰদেশৰ।

এনে অভিযান্ত্ৰিক মহাবিদ্যালয় কেইখনৰ ভিতৰত ৪ খন উত্তৰ প্ৰদেশৰ , দুখন ৰাজস্থানৰ ,মধ্যপ্ৰদেশ আৰু উত্তৰাখণ্ডৰ এখনকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়ে হিন্দী ভাষাত শিক্ষাদান কৰাৰ উপৰি অন্ধ্ৰপ্ৰদেশ , মহাৰাষ্ট্ৰ,পশ্চিমবংগ আৰু তামলিনাডুৰ অভিযান্ত্ৰিক মহাবিদ্যালয় কেইখনে ক্ৰমে তেলেগু,মাৰাঠী, বঙালী, তামিল ভাষাত শিক্ষাদান কৰিব।

উল্লেখ্য নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত দেশৰ ১১ টা আঞ্চলিক ভাষাত বিটেক শিক্ষা গ্ৰহণৰ ব্যৱস্থা ৰখা হৈছে।

সেই আঞ্চলিক ভাষা কেইটাৰ ভিতৰত অসমীয়া ভাষাও আছে।

দেশৰ আইআইটি, এনআইটি আদি শৈক্ষিক প্ৰতিষ্ঠানে প্ৰথমে আঞ্চলিক ভাষাত শিক্ষাদানৰ ব্যৱস্থা কৰিব।

অৱশ্যে মাতৃভাষাত উচ্চ শিক্ষা প্ৰদানৰ বিষয়টোকলৈ সমালোচনা নোহোৱাকৈও থকা নাই। বহুতৰে মতে এই ব্যৱস্থা বিশেষ ফলপ্ৰসূ নহ’ব।

Related News