NORTHEAST NOW (Assamese)
অসম

নৌসেনাৰ জাহাজৰ পৰা পৰীক্ষণ কৰা জাহাজ ধ্বংসকাৰী মিছাইলে ডুবাই দিলে এখন জাহাজ, চাওঁক ভিডিঅ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 23, 2020 3:10 pm
anti-ship-missile_650x40

আৰৱ সাগৰত শেহতীয়াকৈ জলদস্যু দমনৰ নামত চীনে কেইবাখনো জাহাজ মোতায়েন কৰাৰ পিছত ভাৰতে আজি জাহাজ ধ্বংস কৰিব পৰা এক বিশেষ মিছাইল।

ভাৰতীয় নৌসেনাৰ আই এন এছ প্ৰৱালৰ পৰা মাৰি পঠিওৱা জাহাজ ধ্বংসকাৰী ক্ষেপনাস্ত্ৰ বিধে বহু দূৰৈত থকা এখন জাহাজ ডুবাই দিবলৈ সক্ষম হয়।

ক্ষেপনাস্ত্ৰ বিধে ডুবাই দিয়া জাহাজ খন নৌসেনাৰ এখন পুৰণি জাহাজ বুলি নৌসেনাৰ সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য ভাৰতে শেহতীয়াকৈ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰিছে।সেই মৰ্মে ভাৰতে ইটোৰ পিছত সিটোকৈ মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰি গৈছে।

ৰাজস্থানৰ পোখৰাণৰ পৰা কালি পুৱা ৬.৪৫ বজাত নাগ মিছাইলৰ পৰীক্ষণ কৰা হয়।

তৃতীয় প্ৰজন্মৰ এই মিছাইল বিধে ৩ৰ পৰা ৭ কিলোমিটাৰ দূৰত্বত থকা শত্ৰু পক্ষৰ টেংক ধ্বংস কৰিব পাৰিব।

তদুপৰি মিছাইল বিধে অস্ত্ৰও কঢ়িয়াই নিব পাৰিব বুলি ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। এই মিছাইল বিধ শীঘ্ৰে ভাৰতীয় সেনা বাহিনীত অন্তৰ্ভূক্ত কৰা হ’ব।উল্লেখ্য কিছুদিন পূৰ্বে ভাৰতে

স্থল, জল আৰু বায়ু যিকোনো স্থানৰ পৰাই মাৰি পঠিয়াব পৰা ব্ৰাহ্মছ মিছাইলৰ  নৌসেনাৰ যুদ্ধ জাহাজ আইএনএছ চেন্নাইৰ পৰা সফলতাৰে পৰীক্ষণ কৰিছিল।

আৰৱ সাগৰৰ বুকুত পৰীক্ষা কৰা ব্ৰাহ্মছ মিছাইলে সঠিক লক্ষ্যত আঘাত হানিবলৈ সক্ষম হয় ।উল্লেখ্য চীনৰ সৈতে ভাৰতৰ সংঘাত তুংগত উঠাৰ সময়তে ভাৰতে ধাৰাবাহিক ভাবে  মহাশক্তিশালী ব্ৰাহ্মছ মিছাইলৰ পৰীক্ষণ অব্যাহত ৰাখিছে।

ওড়িশাৰ বালাচোৰৰ পৰা অলপতে ভাৰতে এই মিছাইল বিধৰ সফল পৰীক্ষণ কৰে।

ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে ব্ৰাহ্মছ মিছাইলত এইবাৰ বুষ্টাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে।