NORTHEAST NOW (Assamese)
দেশ

ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদলৈ সমৰ্থন কেৰালাত: হিজাব জ্বলাই সমৰ্থন আগবঢ়ালে মুছলমান যুৱতী-মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 7, 2022 3:34 pm
anti-hijab protest

নাৰীবাদী আন্দোলনৰ এক নৱজাগৰণ হিচাপে পৰিগণিত হৈ পৰা ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদৰ ঢৌৱে এইবাৰ স্পৰ্শ কৰিছে ভাৰতক। হিজাব বিৰোধী প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াই এইবাৰ ৰাজপথত নামি পৰিছে দক্ষিণাত্যৰ ৰাজ্য কেৰালাৰ মুছলমান যুৱতী-মহিলা।

আজি কেৰালাৰ মুছলমান মহিলা তথা যুৱতীৰ এটা দলে ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদকাৰীসকললৈ সমৰ্থন আগবঢ়াই ৰাজপথত জ্বলাই দিয়ে হিজাব।কেৰালাৰ কোজিকোড টাউন হলৰ সন্মুখত হিজাব জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে মুছলমান মহিলাৰ দলটোৱে।

কোজিকোড টাউন হলত ইছলামিক ফ্ৰী থিংকাৰছ এছ’চিয়েশ্যনৰ দ্বাৰা অনুষ্ঠিত মুক্ত চিন্তাধাৰাৰ অধিৱেশনৰ সমাপ্তিৰ পিছত ইৰানৰ প্ৰতিবাদৰ সমৰ্থনৰ ৰূপত হিজাব জ্বলাই দিয়া হয়।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে ভাৰতৰ মুছলমান মহিলাসকলে ইৰানৰ হিজাব বিৰোধী প্ৰতিবাদৰ সমৰ্থনৰ বাবে মুকলিকৈ ওলাই আহিছে।

ইৰানত কাৰাগাৰত বন্দী হৈ থকা অৱস্থাত হিজাব সম্পূৰ্ণকৈ পৰিধান নকৰাৰ বাবেই ম’ৰেল পুলিচৰ হাতত ২২ বছৰীয়া যুৱতী মাহছা আমিনীৰ মৃত্যুক লৈ দেশখনত হিজাব বিৰোধী আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল।

আন্দোলন দমনৰ নামত কঠোৰ হৈ পৰিছিল ইৰানৰ নিৰাপত্তা বাহিনী। প্ৰতিবাদৰ সময়ত দেশখনত বৰ্তমান পৰ্যন্ত নিহত হৈছে শ শ লোক। ইৰানৰ স্কুলীয়া ছাত্ৰীসহ হাজাৰ হাজাৰ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি হিজাব জ্বলাই দিছিল।

ইৰানৰ এই প্ৰতিবাদে বিশ্বজুৰি সমৰ্থন লাভ কৰিছে। বিশ্বৰ কেইবাখনো দেশৰ মহিলাই ইৰানী মহিলাসকলৰ প্ৰতিবাদৰ সমৰ্থনত চুলি কাটি প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছে।