বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন
বোকাখাতত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা।বোকাখাত সমজিলাৰ বিভিন্ন অঞ্চলত ক্ৰমাগত ভাৱে বৃদ্ধি পোৱা চুৰিকাণ্ডৰ ঘটনাক লৈ উদ্দেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কি ব্যৱসায়ীক প্ৰতিষ্ঠান কি আবাসিক এলেকা একো বাদ পৰা নাই চোৰৰ লক্ষ্যৰ পৰা। নন কৌশলেৰে চোৰে লুটপাত চলাই যোৱাৰ বিপৰীতে চোৰক কৰায়ত্ব কৰাত ব্যৰ্থ হৈছে বোকাখাত আৰক্ষী।স্বাভাৱিকতেই চৰম দুঃচিন্তা আৰু নিৰাপত্তাহীনতাত ভূগীব লগীয়া হৈছে এতিয়া বোকাখাতবাসী।
যোৱা বৃহস্পতিবাৰে বোকাখাতৰ সেউজীপাৰৰ ৭নং ৱাৰ্ডৰ নিৱাসী প্ৰভাত চন্দ্ৰ শৰ্মা নামৰ লোকজনৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে দিন দুপৰতে চলালে লুটপাত।ঘৰৰ ভেন্টিলেটৰৰ গ্ৰীল কাটি চোৰে লুটি লৈ যায় সোণৰ গহনা আৰু নগদ ধন।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিগত মাহৰ ১৯ তাৰিখে বোকাখাত নগৰৰ মাজ মজিয়াৰ তথা বোকাখাত আৰক্ষী থানাৰ পৰা সামান্য দূৰত্বত থকা হোটেল তিৰুপতি কমপ্লেস্কৰ এখন ম‘বাইল দোকানৰ পৰা নিশা চোৰে দোকানৰ চাটাৰ ভাঙি লৈ যায় প্ৰায় ২০ পৰা ২৫ লক্ষাধিক টকাৰ দামী ম’বাইল আৰু অন্যান্য সামগ্ৰী। উল্লেখযোগ্য যে উক্ত চুৰিকাণ্ডৰ ঘটনাত বোকাখাত আৰক্ষীয়ে স্নিফাৰ ডগ ব্যৱহাৰ কৰিছিল আৰু এটা ফৰেনচিক দলেও অনুসন্ধান কৰিছিল যদিও আজি পৰ্যন্ত চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম নহ’ল বোকাখাত আৰক্ষী।
আনটো ঘটনা চলিত মাহৰ ৮ তাৰিখৰ। এই ঘটনাত বোকাখাত ডিফলু পথৰ কানু ষ্ট‘ৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ পৰা নিশা চোৰে প্ৰতিষ্ঠানখনত লগাই থোৱা লোৰ পাটিসহ ৫/৬ টা তলা ভাঙি নগদ ধন আৰু অন্যান্য সামগ্ৰী লৈ যায়। ইয়াৰ পাছতে কানু ষ্টৰত সংঘটিত হোৱা চুৰি কাণ্ডৰ তিনিদিনৰ পাছতেই অৰ্থাৎ ১১/৯/২৫ তাৰিখ বৃহস্পতিবাৰে আকৌ বোকাখাতৰ সেউজীপাৰত সংঘটিত হয় আনটো চুৰি কাণ্ডৰ। এই ঘটনাত সেউজীপাৰৰ ৭নং ৱাৰ্ডৰ প্ৰভাত চন্দ্ৰ শৰ্মাৰ বাসগৃহৰ পৰা ঘৰত কোনো নথকাৰ সুযোগত দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত চোৰে ভেণ্টিলেটৰৰ গ্ৰীল ভাঙি ঘৰত প্ৰৱেশ কৰি ৩ লাখ টকাৰ সোনৰ গহনা আৰু প্ৰায় ১.৫০ লাখ নগদ ধন লৈ উধাও হয়।
আশ্বৰ্যজনক কথা যে বোকাখাতত চোৰে প্ৰায় ধাৰাবাহিক ভাৱে চুৰি কাণ্ড সংঘটিত কৰি অহাৰ পাছতো চোৰক কৰায়ত্ব কৰাত তথা চুৰিকাণ্ড ৰোধ কৰাত চূড়ান্ত ভাৱে বিফল হৈছে বোকাখাত আৰক্ষী।
অভিযোগ উত্থাপিত হৈছে সততে মন্ত্ৰী-বিধায়কৰ পিছত দৌৰি থকা বোকাখাত আৰক্ষীয়ে চোৰ কৰায়ত্ব কৰি সামান্যতমো সকাহ দিব পৰা নাই বোকাখাতবাসীক ইয়াৰ বিপৰীতে বোকাখাত আৰক্ষী থানাৰ লকআপৰ পৰা দিনতেই ৰাইজে কৰায়ত্ব কৰি দিয়া চোৰেও পলায়ন কৰাৰ দৰে লজ্জাজনক ঘটনাহে সংঘটিত হৈছে।
যাৰ বাবে চোৰ ধৰাত বিফল বোকাখাত আৰক্ষীক তীব্ৰ সমালোচনা কৰাৰ লগতে হেমাহী ত্যাগ কৰি সাধাৰণ ৰাইজক নিৰাপত্তা প্ৰদানত অধিক সচেতন হ‘বলৈ আহ্বান জনাইছে বোকাখাতৰ সচেতন ৰাইজে।