NORTHEAST NOW (Assamese)
অসম

হৰিষৰ মাজতে বিষাদ: বিশ্বনাথত গৰু ধুৱাবলৈ গৈ ভাতৃ-ভগ্নীসহ ৫ জনৰ মৃত্যু , ডিব্ৰুগড়তো ২ যুৱকৰ সলিল সমাধি

Posted by: কাজী জেইদুল ইছলাম, অভিক চক্রৱর্তী Updated by: কাজী জেইদুল ইছলাম, অভিক চক্রৱর্তী April 14, 2021 6:28 pm
Mantri

ৰঙালীৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে গৰুক গা ধুৱাবলৈ গৈ বিশ্বনাথত  দুই ভাতৃ-ভগ্নীৰ সলিল সমাধি ঘটে।

গৰু বিহুৰ দিনাই বিশ্বনাথৰ ঘিলাধাৰী নৈত দুটাকৈ পৃথক স্থানত চাৰিগৰাকী যুৱক আৰু এগৰাকী যুৱতীৰ সলিল সমাধি সংঘটিত হয় ৷

গৰু বিহুৰ দিনাই চতিয়াৰ পুৰণি গাৱঁৰ ককায়েক-ভনীয়েক ভাৰ্গৱ প্ৰতিম মন্ত্ৰী আৰু অকন্যা মন্ত্ৰী গা ধুৱলৈ ঘিলাধাৰী নৈলৈ আহিছিল ৷

নৈ পাৰ হওঁতেই পানীত বুৰ যায় ভনীয়েক অকন্যা ৷ ভনীয়েকক উদ্বাৰ কৰিবলৈ ককায়েক ভাৰ্গৱে পানীত জঁপিয়াই উদ্ধাৰৰ বাবে যায় যদিও দুয়োগৰাকী পানীত বুৰ যায় ৷

কিছু সময়ৰ পিছত স্থানীয় ৰাইজে পানীৰ পৰা উদ্বাৰ কৰে ককায়েক-ভনীয়েকৰ মৃতদেহ ৷ সমান্তৰালভাৱে একে সময়তে ঘিলাধাৰী নৈৰ আন এক স্থানত চতিয়াৰ তিনিজন যুৱক মৌচম ওজা , বিকাশ হাজৰিকা আৰু অভিজিত ওজাই গা ধূৱলৈ আহোঁতে সলিল সমাধি ঘটে ৷

গা ধুৱলৈ আহি বহু সময় ধৰি সন্ধানহীন হৈ আছিল যুৱক তিনিগৰাকী ৷ স্থানীয় ৰাইজে নাৱৰ সহায়ত মৃতদেহ তিনিটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বিহুৰ দিনাই সংঘটিত হোৱা এই দুটা পৃথক হৃদয়বিদাৰক ঘটনাই অঞ্চলটোত এক শোকৰ ছাঁ পেলাইছে ৷ সম্প্ৰতি মৃতদেহ পাচটা মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে ৷

ঘটনাস্থলীত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ উপস্থিত হৈ ঘটনাৰ সম্পৰ্কত বুজ লয় ৷

ইপিনে ডিব্ৰুগড়তো গৰুক গা ধুৱাবলৈ গৈ দুই যুৱক ক্ৰমে ছানু খনিকৰ আৰু শিৰোমণি বৰাৰ সলিল সমাধি ঘটে।দুয়োগৰাকী যুৱকে বুঢ়ী দিহিং নৈ গৰু ধুৱাবলৈ গৈছিল।

এছডিআৰএফে অভিযান অব্যাহত ৰাখিছে যদিও শিৰোমণি বৰাক উদ্ধাৰ কৰিব পৰা নাই।