NORTHEAST NOW (Assamese)
Popular Stories

দুদিনত ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে চন্দ্ৰভাগৰ পানীৰ প্ৰবাহঃ অতি সোনকালে শুকাই যাব পাৰে পাকিস্তান!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 1, 2025 11:38 am

তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে।এই সতৰ্কবাণী আছিল পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্ত্ৰাসবাদৰ বংশবৃদ্ধিৰ স্থল পাকিস্তানক ধ্বংস কৰাৰ প্ৰক্ৰিয়াটো ভাৰতে পদে পদে আৰম্ভ কৰিছে নেকি পাকিস্তানে? পাকিস্তানৰ সংবাদ মাধ্যম নে চন্দ্ৰভাগক সন্দৰ্ভত পাকিস্তানৰ পানী আৰু শক্তি উন্নয়ন কৰ্তৃপক্ষ (WPDA)ৰ এক প্ৰতিবেদনক আলোকপাত কৰিছে। দাবী কৰা হৈছে যে যোৱা দুদিনত চন্দ্ৰভাগ নদীৰ প্ৰবাহ ৯১ হাজাৰ কিউচেক হ্ৰাস পাইছে।

শনিবাৰে চন্দ্ৰভাগ নদীৰ প্ৰবাহৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে যোৱা বৃহস্পতিবাৰে ভাৰতৰ মাজেৰে মৰালা অভিমুখে পানীৰ প্ৰবাহ ৯৮,২০০ কিউচেক। শুকুৰবাৰে ৪৪,৮০০ কিউচেকলৈ হ্ৰাস পায়। শনিবাৰে ই আৰু অধিক হ্ৰাস পাই মাত্ৰ ৭২০০ কিউচেকলৈ নামি আহিল। অৰ্থাৎ মাত্ৰ দুদিনতে পানীৰ সোঁত ৫১ হাজাৰ কিউচেক হ্ৰাস পাইছে। কোৱা বাহুল্য যে নদীৰ সোঁত এনেদৰে কমি গৈ থাকিলে পাকিস্তান অতি সোনকালে শুকান হৈ মৃত্যুমুখত পৰিব। এই ঘটনাক লৈ পাকিস্তান চৰকাৰে ভাৰতৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে।

ভাৰতৰ এই পদক্ষেপত ক্ষুব্ধ হৈ পাকিস্তানৰ এজন শীৰ্ষ বিষয়াই ডনক কয়, “ভাৰতে চন্দ্ৰভাগ নদীৰ পানীৰ প্ৰবাহ বন্ধ কৰি দিছে। বৰ্তমান তেওঁলোকে সেই পানী নিজৰ বিভিন্ন বান্ধ বা জলবিদ্যুৎ প্ৰকল্পত জমা কৰি ৰাখিছে। তেওঁলোকে আমাৰ পানী ব্যৱহাৰ কৰিছে। এইটো অন্যায়। আমি এই কথা কোনো ধৰণে মানি নলওঁ।” জানিব পৰা মতে পাকিস্তানেও এই বিষয়ত ৰাষ্ট্ৰসংঘৰ ওচৰত অভিযোগ দাখিল কৰিছে। মন কৰিবলগীয়া যে চন্দ্ৰভাগ অৱবাহিকাত ভাৰতৰ তিনিটা গুৰুত্বপূৰ্ণ জলবিদ্যুৎ শক্তি প্ৰকল্প আছে। এইবোৰ হল পাকল দুল বান্ধ, ৰামবানেৰ বাগলীহাৰ বান্ধ আৰু ছালাল বান্ধ। প্ৰতিটো বান্ধৰ পানী ধৰি ৰখাৰ ক্ষমতা প্ৰায় ৩ লাখ একৰ ফুট। ইয়াৰ পৰা হাজাৰ হাজাৰ মেগাৱাট জলবিদ্যুৎ শক্তি উৎপাদন হয়। পাকিস্তানে অভিযোগ কৰিছে যে এই সকলোবোৰ বান্ধতে চন্দ্ৰভাগৰ পানী জমা কৰি ৰখা হৈছে।

উল্লেখ্য যে ,২২ এপ্ৰিলত পেহেমগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে অস্ত্ৰ লৈছিল।১৯৬০ চনৰ নেহৰু যুগৰ ভাৰত-পাকিস্তান সিন্ধু জল ভাগ-বতৰা চুক্তি স্থগিত ৰখা হৈছিল। বিশ্ব বেংকৰ মধ্যস্থতাত স্বাক্ষৰিত এই দ্বিপাক্ষিক চুক্তি অনুসৰি সিন্ধু আৰু ইয়াৰ উপনৈ দুখন ঝেলুম আৰু চন্দ্ৰভাগৰ জলসীমাৰ ওপৰত পাকিস্তানৰ অধিকাৰ আৰু কৰ্তৃত্ব থাকিব। ভাৰতে নিয়ন্ত্ৰণ কৰিব তিনিখন উপনৈ: বিপাশা, ছটলেজ আৰু ইৰাৱতী। মুঠতে সিন্ধু আৰু ইয়াৰ উপনৈসমূহৰ মুঠ পানীৰ ৮০ শতাংশ পাকিস্তানত থাকিব, আৰু ভাৰতত থাকিব মাত্ৰ ২০ শতাংশ। সেই পানীৰ খুন্দাত পাকিস্তানে আতংকিত হৈ পৰিছে।