NORTHEAST NOW (Assamese)
দেশ

মহিলাৰ কাপোৰৰ মাপ ল’ব নোৱাৰিব পুৰুষে, কাটিব নোৱাৰিব চুলিও : প্ৰস্তাৱ উত্তৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 8, 2024 5:30 pm

কোনো পুৰুষে মহিলাৰ কাপোৰৰ মাপ ল’ব নোৱাৰিব।  আনকি পাৰ্লাৰতো কোনো পুৰুষে মহিলাৰ চুলি কাটিব নোৱাৰিব। এই প্ৰস্তাৱ উত্তৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগৰ।

যোৱা মাহৰ শেষৰ ফালে মহিলাৰ সুৰক্ষাৰ বিষয়ত এখন বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকৰ পিছত এই প্ৰস্তাৱ অনা হৈছিল।

দেশত বৃদ্ধি পাইছে নাৰীৰ ওপৰত হোৱা হিংসা। প্ৰায় প্ৰতিদিনে বিভিন্ন ৰাজ্যৰ পৰা নাৰী নিৰ্যাতনৰ খবৰ আহি আছে। নাবালকৰ পৰা বৃদ্ধালৈকে সকলো বয়সৰ মহিলাই এনে নিৰ্যাতনৰ সন্মুখীন হয়।

এনে পৰিস্থিতিত উত্তৰ প্ৰদেশৰ মহিলা আয়োগে দিয়া এই প্ৰস্তাৱৰ পিছত স্বাভাৱিকতে বিতৰ্কৰ আৰম্ভ হৈছে।

২৮ অক্টোবৰত এই বিষয়ত ৰাজ্যিক মহিলা আয়োগৰ বৈঠক অনুষ্ঠিত হয়। তেওঁলোকৰ এজন সদস্যই সৰ্বভাৰতীয় সংবাদ সংস্থা এটাক জনাইছে যে কেৱল দৰ্জীৰ দোকান বা পাৰ্লাৰত নহয়, স্কুল বাছৰ পৰা যোগ কেন্দ্ৰলৈকে সকলোতে ছোৱালীৰ সুৰক্ষা বৃদ্ধিৰ বাবে পদক্ষেপ লোৱাৰ বাবে এই প্ৰস্তাৱ দিয়া হৈছে। লগতে তেওঁলোকে বিচাৰে যে কোনো পুৰুষে কোনো জিম বা যোগ কেন্দ্ৰত যাতে মহিলাক প্ৰশিক্ষণ নিদিয়ে।

মহিলা আয়োগৰ তথ্য অনুসৰি এনে কৰ্মক্ষেত্ৰত মহিলাক নিৰ্যাতন বা যৌন নিৰ্যাতনৰ সম্ভাৱনা বেছি হোৱা দেখা গৈছে। সম্প্ৰতি দেশত বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা। গতিকে ৰাজ্যৰ মহিলা আয়োগে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি এই প্ৰস্তাৱৰ আধাৰত এই প্ৰস্তাৱ বলৱৎ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

ইয়াৰ উপৰিও মহিলা আয়োগে স্কুল বাছত চিচিটিভি স্থাপন, কেৱল মহিলাৰ সামগ্ৰী বিক্ৰী কৰা দোকানত অধিক মহিলা কৰ্মচাৰী নিযুক্তিৰ প্ৰস্তাৱো আগবঢ়াইছে।

অৱশ্যে সমগ্ৰ বিষয়টো এতিয়াও প্ৰস্তাৱৰ ৰূপত আছে। আয়োগে জনোৱা মতে, অতি সোনকালে চৰকাৰক এই বিষয়বোৰ মনত ৰাখি নতুন আইন আনিবলৈ কোৱা হ’ব।