NORTHEAST NOW (Assamese)
অসম

মৰিগাঁও জিলাৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা শব্দশঃৰ কাৰ্যালয় উদ্বোধন

Posted by: চানু গগৈ Updated by: চানু গগৈ December 3, 2020 12:52 pm
index.jpgk

জাগীৰোডৰ পৰা আত্মপ্ৰকাশ হোৱা মাহেকীয়া আলোচনী শব্দশঃৰ শ্যামাপল্লিস্থিত কাৰ্যালয়ৰ দ্বাৰ বুধবাৰে শুভ মুকলি কৰাৰ লগতে অসম দিৱস উদযাপন কৰা হয়৷

নগাঁৱৰ জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ লক্ষেশ্বৰ কাকতিয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্যালয়ৰ শুভ মুকলি কৰি অসমীয়া ভাষা সাহিত্যৰ দিশত আলোচনীখনৰ উত্তৰোত্তৰ কামনা কৰি কয় যে বৰ্তমানৰ ভাষা-সাহিত্য তথা সংস্কৃতিৰ সংকটপ্ৰায় অৱস্থাত শব্দশঃৰ এই পদক্ষেপ নিঃসন্দেহে শলাগিবলীয়া৷

শব্দশঃ আলোচনীৰ কাৰ্যালয়তে বিয়লি দিুই বজাৰ পৰা এই দিৱস উদযাপন কৰা হয়৷ সভাত সভাপতিত্ব কৰে জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ লক্ষেশ্বৰ কাকতিয়ে৷

সভাৰ মুখ্য অতিথি জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা ক্ষেত্ৰী বি এড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৱন চন্দ্ৰ গগৈয়ে অসম দিৱস আৰু স্বৰ্গদেউ শব্দটোৰ প্ৰসংগত সাৰুৱা বক্তব্য আগবঢ়ায় লগতে আলোচনীখনৰো দীৰ্ঘায়ু কামনা কৰে৷

সভাত আমন্ত্ৰিত অতিথি হিচাপে শিক্ষয়িত্ৰী তথা সু লেখিকা হিমাক্ষী বৰাই অসম দিৱসৰ লগত সংগতি ৰাখি বক্তব্য প্ৰদান কৰা লগতে স্বৰচিত কবিতা পাঠ কৰে৷

অনুষ্ঠানত সুলেখিকা তথা শিক্ষয়িত্ৰী শিখা গগৈ, বিশিষ্ট কবি তথা শিক্ষক কিশোৰ মনজিৎ বৰা আৰু সুলেখক তথা সমাজকৰ্মী জয়ন্ত সাগৰ শইকীয়াই অসম দিৱসৰ ওপৰত সংগতি ৰাখি বক্তব্য আগবঢ়াৱাৰ লগতে কবি তথা যুৱ সাংবাদিক সংগীতা বৰাই স্বৰচিত কবিতা পাঠ কৰে৷

শব্দঃশৰ সম্পাদিকা তৃষ্ণা গগৈয়ে আঁতধৰা মনোজ্ঞ সাহিত্যনুষ্ঠানটিত বিশিষ্ট সাংবাদিক মৃদুলকুমাৰ ডেকা, প্ৰকাশক প্ৰাণজিৎ ঢেকীয়াল ফুকন , যুৱ সাংবাদিক প্ৰান্তিক শৰ্মা, বিপুল ৰাজকোঁৱৰ, পূবালী পাটৰ, দেৱব্ৰত দেউৰী, ৰ’জমেৰী চুৰিণ, মাধুৰীমা ৰাজকোৱঁৰকে ধৰি শব্দশঃ পৰিয়ালে অনুষ্ঠানত অংশগ্ৰহণ কৰি মনোগ্ৰাহী কৰি তুলে৷