NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ প্রতিষ্ঠিত ব্যৱসায়ী নাহাতাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰৰ তালাচী

Posted by: এন ই নাও নিউজ September 25, 2018 8:45 am
a9baaec1-d348-40b6-8242-300d0156e7e6

নগাঁৱৰ ঠিকাদাৰ-ব্যৱসায়ী উত্তম চান্দ নাহাতা আৰু মাণিক চান্দ নাহাতাৰ নগাঁও চহৰৰ ইটাচালিস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানত সোমবাৰে গুৱাহাটীৰ পৰা অহা আয়কৰ বিভাগৰ এটি দলে তালাচী  চলায়। নাহাতাৰ বহু ৰাজনৈতিক নেতাৰে অতি ঘনিষ্ঠ সম্পৰ্ক থকাৰ কথা সৰ্বজনবিদিত। কৰফাঁকিৰ অভিযোগত নাহাতাৰ বিৰুদ্ধে আয়কৰ বিভাগে এই অভিযান চলোৱা বুলি সন্দেহ কৰা হৈছে।

আয়কৰ বিভাগৰ অভিযানকাৰী দলটোৱে সোমবাৰে পুৱা ১১ বজাৰ পৰা সন্ধিয়ালৈকে অভিযান চলায়। দলটোৱে তিনিখন গাড়ীৰে গুৱাহাটীৰ পৰা অহা আয়কৰ বিভাগৰ ছজনীয়া দলটোৱে সংবাদ মাধ্যমৰ আগত এই অভিযান সন্দৰ্ভত কোনো তথ্য প্ৰকাশ নকৰিলে।

জানিব পৰা মতে গুৱাহাটীৰ পৰা অহা আয়কৰ বিভাগৰ দলটোৱে নিশাৰ ভাগত দ্বিতীয়বাৰ নগাঁৱৰ আয়কৰ বিভাগৰ বিষয়াক লগত লৈ পুনৰ তালাচী চলায়।

উল্লেখ্য যে আৰ জে চিমেণ্ট কোম্পানীৰ গৰাকী নাহাতাৰ তেল ডিপোকে ধৰি বিভিন্ন ব্যৱসায়ৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভিন্ন বিভাগত কোটি কোটি টকাৰ ঠিকা কৰি আছে। এসময়ত পথ নিৰ্মাণৰ কামত সাধাৰণ মহৰী হিচাপে নিয়োজিত নাহাতাই পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত সৰু-সুৰা ঠিকাৰ কামেৰে আৰম্ভ কৰি অতি কম সময়ৰ ভিতৰতে বিশাল সম্পত্তিৰ গৰাকী হৈ পৰে।

এক সূত্ৰৰ পৰা জানিব পৰা মতে  বিভিন্ন ঠিকাৰ নামত নাহাতাই লুণ্ঠনৰাজ চলাই নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়ি তোলাৰ লগতে চিমেণ্ট কোম্পানী, তেল ডিপোৰ গৰাকী হোৱাৰ উপৰি এখন বিশাল ব্যৱসায় সাম্ৰাজ্য গঢ়ি তোলে।