NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ বিবিচি কাৰ্যালয়ত আয়কৰৰ তালাচী; প্ৰায় ৬০ঘণ্টাৰ পিছত সমাপ্ত অভিযান

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 17, 2023 7:18 am

ভাৰতত আয়কৰ বিভাগে বিবিচিৰ দিল্লী আৰু মুম্বাই কাৰ্যালয়ত চলোৱা তালাচী অভিযান সম্পূৰ্ণ কৰিছে। আয়কৰ বিভাগে মঙলবাৰে পুৱা ১১ বজাত অভিযান আৰম্ভ কৰিছিল আৰু বৃহস্পতিবাৰে নিশা ৬০ ঘণ্টা পিছত সমাপ্ত হয়।

ভাৰত চৰকাৰে তালাচীটোক ‘জৰীপ’ বুলি অভিহিত কৰিছে। জৰীপটোত কি পোৱা গৈছে, কি জনা গৈছে সেই বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই। বাতৰি অনুসৰি, শুকুৰবাৰে এই বিষয়ে সদৰী কৰা হ’ব পাৰে।

‘জৰীপ’ দীৰ্ঘদিন ধৰি চলিব পাৰে বুলি অনুমান কৰি বিবিচি কৰ্তৃপক্ষই বুধবাৰে ইয়াৰ সকলো কৰ্মচাৰীক মানসিকভাৱে প্ৰস্তুত হ’বলৈ আহ্বান জনাইছিল। একে সময়তে সকলোকে সহযোগিতা কৰিবলৈ কৈছিল। জানিব পৰা মতে, কৰ্মচাৰীসকলক দীৰ্ঘসময় ধৰি সোধা-পোছা কৰা হৈছিল।

বাতৰি মতে, অভিযানৰ সময়ত আয়কৰ বিষয়াসকলে কোম্পানীটোৰ কৰ্মচাৰীসকলৰ সৈতে বিবিচিৰ কাৰ্যালয়তে নিশা কটাইছিল। আয়কৰ বিষয়াসকলে কিছুমান কৰ্মচাৰীৰ লেপটপ আৰু মোবাইল ফোন পৰীক্ষা কৰিছে।

চৰকাৰ আৰু শাসকীয় বিজেপিয়ে কৈছিল যে তেওঁলোকে মুখ্যতঃ কৰ ফাঁকি আৰু ‘ট্ৰেন্সফাৰ প্ৰাইচিং’ সম্পৰ্কীয় বিষয়বোৰ সমীক্ষা কৰি চাইছে। সেয়েহে বিষয়াসকলে জানিব বিচাৰে যে বিভিন্ন লেপটপত ‘ফাণ্ড ট্ৰেন্সফাৰ’, ‘শ্বেল কোম্পানী’, ‘ফৰেইন ট্ৰেন্সফাৰ’ শব্দবোৰৰৰ দ্বাৰা কি চোৱা হৈছে।

যোৱা মাহৰ শেষত বিবিচিৰ তথ্যচিত্ৰ ইণ্ডিয়া: দ্য মোডী কোৱেশ্বন সম্প্ৰচাৰিত হৈছিল। প্ৰথমটো দেখুওৱাৰ পিছতে চৰকাৰে ইয়াক নিষিদ্ধ কৰে। তথ্যচিত্ৰখনে ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ বাবে তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ “নিষ্ক্ৰিয়তা”ক দোষাৰোপ কৰিছে। তাৰ প্ৰায় দুসপ্তাহৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ আয়কৰ বিভাগে বিবিচিৰ কাৰ্যালয়ত তালাচী চলালে।

বিভিন্ন বিৰোধী দলে এই তালাচীক সমালোচনা কৰিছে। বিজেপিয়েও প্ৰত্যুত্তৰ দিছে। দলৰ মুখপাত্ৰই বিৰোধীপক্ষক “ভণ্ড, ভাৰত বিৰোধী, ঔপনিৱেশিক মানসিকতাৰ” বুলি অভিহিত কৰে। বিজেপিৰ মতে, তেওঁলোকে ভাৰত আৰু প্ৰধানমন্ত্ৰী মোডীক বদনাম কৰাৰ ষড়যন্ত্ৰ কৰিছে।

অৱশ্যে, ইপিনে বিৰোধীৰ সমালোচনাও অব্যাহত আছে। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই কয় যে যদি ভাৰত “গণতন্ত্ৰৰ মাতৃ”, তেন্তে নৰেন্দ্ৰ মোডী হৈছে “ভণ্ডামিৰ পিতৃ”। বিৰোধীৰ দাবী যে চৰকাৰে সংবাদ মাধ্যমৰ কণ্ঠস্বৰ নিয়ন্ত্ৰণ কৰি আছে। যদি এইটো অব্যাহত থাকে তেন্তে এদিন দেশত কোনো সংবাদ মাধ্যম নাথাকিব।