পশ্চিম এছিয়াৰ সংঘাতৰ প্ৰভাৱত আকাশী মাৰ্গৰ যাত্ৰা হ’ল ব্যয়বহুল: বিমান টিকটৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

পশ্চিম এছিয়াৰ বৰ্তমানৰ অস্থিৰ পৰিস্থিতি আৰু ভূ-ৰাজনৈতিক সংঘাতৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ বিমান পৰিবহণ খণ্ডটো গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। এই সংঘাতৰ বাবে বিমান ইন্ধন অৰ্থাৎ এভিয়েশন টাৰ্বাইন ফুৱেলৰ মূল্য ব্যাপক হাৰত বৃদ্ধি পাইছে, যাৰ পোনপটীয়া বোজা এতিয়া পৰিব গৈ সাধাৰণ যাত্ৰীৰ ওপৰত। শেহতীয়াকৈ এয়াৰ ইণ্ডিয়া গ্ৰুপে ঘোষণা কৰিছে যে ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে তেওঁলোকে বিমান টিকটৰ ওপৰত অতিৰিক্ত চাৰ্চাৰ্জ আৰোপ কৰিবলৈ বাধ্য হৈছে।
এই নতুন নিৰ্দেশনা অনুসৰি ১২ মাৰ্চৰ পৰা ঘৰুৱা বিমান সেৱাত প্ৰতিখন টিকটৰ বিপৰীতে ৪০০ টকাকৈ ইন্ধন চাৰ্চাৰ্জ লোৱা হ’ব। আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ বাবে এই চাৰ্চাৰ্জৰ পৰিমাণ গন্তব্যস্থান অনুসৰি ভিন্ন হ’ব। বিশেষকৈ পশ্চিম এছিয়া, দক্ষিণ-পূব এছিয়া আৰু আফ্ৰিকা অভিমুখী যাত্ৰীসকলে এতিয়াৰ পৰা অতিৰিক্ত টকা দিব লাগিব। ইয়াৰ উপৰি ১৮ মাৰ্চৰ পৰা ইউৰোপ, উত্তৰ আমেৰিকা আৰু অষ্ট্ৰেলিয়ালৈ যোৱা যাত্ৰীসকলৰ বাবে চাৰ্চাৰ্জৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি কৰা হৈছে। কোম্পানীটোৱে জনাইছে যে ভাৰতৰ প্ৰধান মহানগৰসমূহত ইন্ধনৰ ওপৰত থকা উচ্চ আবকাৰী শুল্ক আৰু ভেটৰ বাবে তেওঁলোকৰ পৰিচালনা ব্যয় অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, যাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে।
উপসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিস্থিতি আৰু হৰমুজ জলদ্বীপ বন্ধ হৈ থকাৰ ফলত ইন্ধন যোগান ব্যাহত হৈছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ তেলৰ বজাৰত পৰিছে। বিশেষজ্ঞসকলৰ মতে, এয়াৰ ইণ্ডিয়াৰ এই সিদ্ধান্তৰ পিছত অনাগত দিনত আন বিমান সংস্থাসমূহেও তেওঁলোকৰ ভাড়া বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইন্ধনৰ এই চৰা মূল্যই বিমান উদ্যোগৰ অৰ্থনীতিত গভীৰ সংকটৰ সৃষ্টি কৰিছে।
ইফালে, বিমান উদ্যোগৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ইণ্ডিগো বিমান সংস্থাৰ মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ এলবাৰ্ছৰ পদত্যাগ। যোৱা বছৰৰ ডিচেম্বৰ মাহত ইণ্ডিগোৰ বিমান সেৱাত হোৱা বিশৃংখলতা আৰু হাজাৰ হাজাৰ যাত্ৰীৰ দুৰ্দগাৰ পিছত তেওঁ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল। বিমান বাতিল আৰু পলম হোৱাৰ ঘটনাৰ বাবে ডিজিচিএই ইণ্ডিগোৰ ওপৰত ২২.২০ কোটি টকাৰ জৰিমনাও বিহিছিল। এই সমগ্ৰ পৰিস্থিতিৰ দায়িত্ব লৈ তেওঁ পদত্যাগ কৰাৰ পিছত এতিয়া ইণ্ডিগোৰ অন্তৱৰ্তীকালীন দায়িত্ব পৰিচালনা কৰিছে এম ডি ৰাহুল ভাটিয়াই।