NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰাত আৰক্ষী-কমাণ্ডোৰ নাকাচেকিং

Posted by: নীলমণি শৰ্মা August 13, 2018 10:29 am

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত উগ্ৰপন্থীৰ কূটাঘাতৰ আশংকাত সষ্টম হৈ পৰিছে গোৱালপাৰা আৰক্ষী।

উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা ৰাজ্যখনত প্ৰবেশ কৰা প্ৰতিটো পথতে আৰক্ষী-কমাণ্ডো বাহিনীয়ে অব্যাহত ৰাখিছে নাকাচেকিং৷ লগতে কৃষ্ণাইৰ অসম-মেঘালয় আৰক্ষী সীমান্ততো আৰক্ষী-কমাণ্ডো বাহিনীয়ে চলাইছে তীব্ৰ অভিযান।

মন কৰিব লগীয়া যে মেঘালয় সীমান্তত দীৰ্ঘ দিন ধৰি বাহৰ পাতি থকা আলফাৰ (স্বা)ৰ উপ-সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ নেতৃত্বত আলফা আৰু জি এন এলে স্বাধীনতা দিৱসৰ দিনা ৰাজ্যখনত কূটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ আশংকা কৰিছে গোৱালপাৰা আৰক্ষীয়ে। ফলত ৰাজ্যখনৰ চাৰিওফালে তীব্ৰ অভিযান অব্যাহত ৰখাৰ লগতে সষ্টম হৈ পৰিছে গোৱালপাৰা আৰক্ষী।

মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰিব পৰা আটাইবোৰ বোৰ পথতে তীক্ষ্ণ নজৰ ৰাখিছে আৰক্ষী-কমাণ্ডো বাহিনীয়ে।

মেঘালয়ৰ তুৰালৈ যোৱা ৫১ নং ৰাষ্ট্ৰীয় পথটো নিতৌ চলিছে আৰক্ষীৰ নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা ৷ যান-বাহনত তালাচী চলোৱাৰ উপৰিও সীমান্তৱৰ্তী পাহাৰ সমূহতো চলিছে তীব্ৰ উগ্ৰপন্থী বিৰোধী অভিযান।